NORTHEAST NOW (Assamese)
অসম

পাকিস্তানৰ পেছোৱাৰত অৰ্ধসামৰিক বাহিনীৰ ঘাটিত ভয়ংকৰ আক্ৰমণ; কমেও ৩ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 24, 2025 11:30 am

অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ! পাকিস্তানৰ পেছোৱাৰত এই ঘটনা সংঘটিত হৈছে। প্ৰথম অৱস্থাত কাৰ্যালয়ৰ ভিতৰত গুলীচালনা চলি থকাৰ খবৰ পোৱা গৈছিল। স্থানীয় ৰাইজে বিস্ফোৰণৰো শব্দ শুনে। কোনে কি উদ্দেশ্যত এই আক্ৰমণ সংঘটিত কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

সূত্ৰসমূহে জনোৱা মতে, কমেও দুজন আত্মঘাতী বোমাৰুই এই আক্ৰমণ সংঘটিত কৰে। শেহতীয়া খবৰ অনুসৰি এই সন্ত্ৰাসবাদী আক্ৰমণত এতিয়ালৈকে তিনিজন সেনা জোৱান নিহত হৈছে।

সংবাদ সংস্থাৰ তথ্য অনুসৰি সোমবাৰে পুৱা পেছোৱাৰত অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰে দুই আত্মঘাতী বোমাৰু। মূল গেটৰ সন্মুখত বিস্ফোৰণ ঘটায় প্ৰথমটো আত্মঘাতী বোমাৰুৱে। তেওঁ সম্ভৱতঃ দুটা বিস্ফোৰণ ঘটাইছিল।

তাৰপিছত দ্বিতীয়জনো ঘাটিটোত প্ৰৱেশ কৰে। তাত গুলীচালনা কৰাৰ পিছত আত্মঘাতী বোমাৰুজনে বিস্ফোৰণ ঘটায়। এইটোৱেই প্ৰাথমিক ধাৰণা। এতিয়া সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে। তালাচী চলি আছে।

অৰ্ধসামৰিক বিষয়াসকলে সন্দেহ প্ৰকাশ কৰিছে যে কাৰ্যালয়টোত আৰু কেইবাজনো উগ্ৰপন্থীয়ে আত্মগোপন কৰি থাকিব পাৰে।

পেছোৱাৰ আৰক্ষীৰ সূত্ৰ অনুসৰি উগ্ৰপন্থীৰ আক্ৰমণত ৩ সেনা জোৱান নিহত হয়। আনহাতে দুজন আত্মঘাতী বোমাৰুও নিহত হয়। সোমবাৰে পুৱা এই আক্ৰমণত হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

স্থানীয় ৰাইজে জনোৱা মতে, বিস্ফোৰণ আৰু বন্দুকৰ গুলীৰ শব্দ শুনা গৈছিল। অঞ্চলটোৰ পৰা কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছে। সম্প্ৰতি এটা বৃহৎ এলেকা ঘেৰাও কৰি ৰখা হৈছে।

উল্লেখ্য যে ২০১৪ চনত পেছোৱাৰত উগ্ৰপন্থী আক্ৰমণৰ বলি হৈছিল নিৰীহ শিশু। পেছাৱাৰৰ আৰ্মি পাব্লিক স্কুলত ৬ জন টিটিপি সদস্যই গুলীচালনা কৰিছিল। সেই আক্ৰমণত ১৩২ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী নিহত হৈছিল। মুঠ ১৪৯ জন লোকৰ মৃত্যু হয়। পিছত পাকিস্তানী সেনাৰ অভিযানত ৬ জন উগ্ৰপন্থীও নিহত হয়।

 শেহতীয়াকৈ টিটিপিৰ আক্ৰমণত বাৰে বাৰে পাকিস্তান ৰক্তাক্ত হৈ আহিছে। অৰ্ধসামৰিক ঘাটিটোত আক্ৰমণৰ আঁৰতো তেওঁলোক আছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।