সোণম ৱাংচুকৰ এনএছএ আটকক প্ৰত্যাহ্বান: উচ্চতম ন্যায়ালয়ত পত্নীৰ সৈতে গোচৰত অংশ লোৱাৰ অনুমতি

সোমবাৰে উচ্চতম ন্যায়ালয়ে জলবায়ু কৰ্মী সোণম ৱাংচুকক তেওঁৰ পত্নী ডাঃ গীতাঞ্জলি জে আংমোৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত তেওঁক আটক কৰা গোচৰক প্ৰত্যাহ্বান জনোৱাৰ অনুমতি প্ৰদান কৰে।
ন্যায়াধীশ অৰবিন্দ কুমাৰৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে ৱাংচুকক গোচৰৰ অংশ হ’বলৈ অনুমতি দিয়ে। তেওঁৰ অধিবক্তা সৰ্বম ৰীতম খাৰে যুক্তি দিছিল যে যিহেতু ৱাংচুক নিজেই আটক হৈ আছে, সেয়েহে তেওঁ আদালতত নিজৰ পক্ষ ৰাখিব পাৰিব লাগে। আনহাতে, চৰকাৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ডাঃ আংমোৰ আৱেদনৰ উত্তৰ দিবলৈ অতিৰিক্ত সময় বিচাৰে। পৰৱৰ্তী শুনানি ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব।
ড০ আংমোৱে অভিযোগ কৰিছে যে লাডাখক ৰাজ্যৰ মৰ্যাদা তথা ষষ্ঠ অনুসূচীৰ অধীনত অন্তৰ্ভুক্ত কৰিবলৈ কৰা আন্দোলনত জড়িত থকাৰ বাবে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে ৱাংচুকক আটক কৰা হৈছে। আৱেদনখনত এই অভিযোগো কৰা হৈছে যে লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদ–লেহ নিৰ্বাচনৰ ঠিক আগতেই এই পদক্ষেপ লোৱা হৈছিল।
দুদিন পূৰ্বে লেহত হোৱা হিংসাত্মক প্ৰতিবাদৰ পিছত ২৬ ছেপ্টেম্বৰত এন এছ এৰ অধীনত আটক কৰা ৱাংচুক বৰ্তমান ৰাজস্থানৰ যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। তেওঁৰ পত্নীৰ আবেদনত দাবী কৰা হৈছে যে তেওঁক প্ৰতিবাদৰ “মুখ্য প্ৰৰোচক” বুলি উত্থাপন কৰা অভিযোগ মিছা আৰু তেওঁ ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তাত অৰিহণা যোগাই আহিছে আৰু ভাৰতৰ সশস্ত্ৰ বাহিনীক সমৰ্থন কৰিছে।