NORTHEAST NOW (Assamese)
Popular Stories

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 16, 2025 9:00 pm

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে, ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ বহন কৰিবলৈ অস্বীকাৰ কৰিছে, যাৰ বাবে তেওঁলোকে ২৫ লাখ টকাৰ বিল পৰিশোধ কৰিবলগীয়া হৈছিল।

নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি, দেওবাৰে (১৪ ছেপ্টেম্বৰ) ৰাজকোটত অনুষ্ঠিত হোৱা ‘নমোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলে গুজৰাটত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে যদিও এই সময়ছোৱাত তেওঁ এই সন্দৰ্ভত সোধা প্ৰশ্নক এৰাই চলিছে।

এই প্ৰকাশৰ ফলত দলটোৰ সৌৰাষ্ট্ৰ ফৈদত গভীৰ আভ্যন্তৰীণ বিভাজনৰ জল্পনা-কল্পনাও ইন্ধন যোগাইছে।

যোৱা ১৬ জুনত ৰাজকোটত ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ তিনিমাহৰ পাছত এই বিতৰ্কৰ সৃষ্টি হৈছে।জ্ঞাত যে সেই সময়ত প্ৰয়াত নেতাগৰাকীক চূড়ান্ত বিদায় দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ লগতে বিজেপিৰ বহু শীৰ্ষ নেতা উপস্থিত আছিল।

২০২৫ চনৰ ১২ জুনত উৰণৰ কিছু সময়ৰ পিছতে আহমেদাবাদ বিমানবন্দৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা দুৰ্ভাগ্যজনক এয়াৰ ইণ্ডিয়া বিমানখনৰ ২৪২ জন যাত্ৰীৰ ভিতৰত ৰূপানীও আছিল।

স্থানীয় বাতৰি অনুসৰি, পৰিয়ালৰ লোকে এই অনাদায় বিলৰ বিষয়ে জানিব পাৰিছিল যেতিয়া ফুল, তম্বু আৰু অন্যান্য অন্ত্যেষ্টিক্ৰিয়াৰ সামগ্ৰী যোগান ধৰা ব্যৱসায়ীসকলে ধন পৰিশোধৰ দাবীত তেওঁলোকৰ দুৱাৰমুখত উপস্থিত হৈছিল।

দেওবাৰে পাটিলে চাৰ্কিট হাউচত বিধায়ক আৰু সাংগঠনিক নেতাৰ সৈতে বন্ধ দুৱাৰত বৈঠকত মিলিত হয় যদিও অনুষ্ঠানৰ বাহিৰত যেতিয়া সাংবাদিকসকলে তেওঁক ঘেৰি ধৰিলে তেতিয়া পাটিলৰ প্ৰতিক্ৰিয়া ‘স্পষ্ট বুলি নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে।

প্রতিবেদনত উল্লেখ কৰা হৈছে যে ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচৰ বিষয়ে সোধাত পাটিলে অস্পষ্টভাৱে এই বিষয়টো এৰাই চলিছিল, “এয়া নমোৎসৱৰ কথা, মই নিশ্চিতভাৱে পিছত উত্তৰ দিম৷ তাৰ পিছত তেওঁ দ্ৰুতগতিত সেই স্থানৰ পৰা আঁতৰি যায়।

খবৰ অনুসৰি ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ নিদিয়াৰ সিদ্ধান্ত সৌৰাষ্ট্ৰৰ দুজন শক্তিশালী নেতাই লোৱা বুলি জানিব পৰা গৈছে।

ৰূপানীৰ পৰিয়ালে এতিয়াও ক্ষতিৰ বাবে শোক প্ৰকাশ কৰি থকাৰ সময়তে তেওঁলোকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজাই ক্ষোভৰ সৃষ্টি কৰিছে।