NORTHEAST NOW (Assamese)
Popular Stories

‘প্ৰয়োজন হ’লে ভোটাৰ তালিকাৰ খচৰাৰ সময়সীমা বৃদ্ধি কৰিব লাগে’- নিৰ্বাচন আয়োগক সকিয়নী উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 26, 2025 3:15 pm

প্ৰয়োজন সাপেক্ষে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধিৰ নিৰ্দেশ দিব পাৰে উচ্চতম ন্যায়ালয়ে। বংগকে ধৰি কেইবাখনো ৰাজ্যৰ এছ আই আৰ সন্দৰ্ভত নিৰ্বাচন আয়োগক মৌখিকভাৱে অৱগত কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে স্পষ্টভাৱে কয় যে, “যদি আমি প্ৰয়োজনীয় বুলি ভাবো তেন্তে আমি ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধিৰ নিৰ্দেশ দিব পাৰো।”

ইতিমধ্যে বংগ, তামিলনাডুৰ দৰে ৰাজ্য আৰু ৰাজনৈতিক দলসমূহে এছ আই আৰৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। কেৰালা, সেই ৰাজ্যৰ চিপিএম আৰু আন কেইবাটাও দল ইটোৰ পিছত সিটোকৈ আদালতলৈ আহিছে। মূলতঃ এছ আই আৰৰ প্ৰক্ৰিয়া আৰু সময়ক আপত্তি কৰি বহু গোচৰ ৰুজু কৰা হৈছে। অধিকাংশ অভিযোগকাৰীয়ে কয় যে নিৰ্বাচন আয়োগে SIR প্ৰক্ৰিয়াত খৰখেদা কৰিবলৈ চেষ্টা কৰিছে।

বুধবাৰে এই গোচৰসমূহৰ শুনানি অনুষ্ঠিত হয়। সেইদিনা মুখ্য ন্যায়াধীশে পশ্চিম বংগ সম্পৰ্কীয় গোচৰৰ শুনানি ৯ তাৰিখলৈ স্থগিত ৰাখে। তেওঁ তামিলনাডুৰ গোচৰসমূহ ৪ ডিচেম্বৰলৈ স্থগিত ৰাখে।একে সময়তে তেওঁ মন্তব্য কৰে যে যদিহে অভিযোগৰাকীসকলে প্ৰয়োজনীয়তাৰ বিষয়ে বুজাব পাৰে, তেন্তে আমি ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ সময়সীমা পিছুৱাই দিব পাৰো। উচ্চতম ন্যায়ালয়ৰ এই মন্তব্যক নিৰ্বাচন আয়োগক সতৰ্কবাণী হিচাপে গণ্য কৰা হৈছে। শীর্ষ ন্যায়ালয়ে আজি স্পষ্ট কৰি দিলে যে যদিহে আচল পৰিস্থিতি বুজি নোপোৱাকৈ আয়োগে খৰখেদা কৰে, তেনেহ’লে উচ্চতম ন্যায়ালয়ে ব্যৱস্থা ল’ব পাৰে৷