NORTHEAST NOW (Assamese)
Popular Stories

নিশা কইনা ভাত খাই আহি অফিচতে কিয় নিজকে শেষ কৰিলে ৰিতুমণিয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 26, 2025 4:51 pm

সাংবাদিক ৰিতুমণি ৰয়ৰ ৰহস্যজনক মৃত্যুৱে বৰ্তমানলৈকে বহু প্ৰশ্নৰ সৃষ্টি কৰি ৰাখিছে। এই স্পৰ্শকাতৰ ঘটনা সন্দৰ্ভত মৃত সাংবাদিকগৰাকীৰ পৰিয়াল অথবা তেওঁ কৰ্মৰত সংবাদ প্ৰতিষ্ঠানটোৰ ফালৰ পৰা আজিলৈকে কোনো এজাহাৰ দাখিল কৰা হোৱা নাই। ঘটনাৰ দিনা নিশা ১০ বাজি ৪০ মিনিটত ৰিতুমণিয়ে কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। অফিচত সোমায়েই তেওঁ কাৰ্যালয়ৰ চৌপাশ তন্ন তন্নকৈ নিৰীক্ষণ কৰা দেখা গৈছিল।

কাৰ্যালয়ত প্ৰৱেশ কৰিয়েই ৰিতুমণি পোনে পোনে বাথৰুমলৈ গৈছিল। তাৰ পাছত তেওঁ টেবুলত বেগটো থৈ তাৰ পৰা এডাল ৰছী উলিয়াইছিল। ইয়াৰ পিছতে তেওঁ নিজৰ ডেক্সত বহি এটা টোকা লিখিছিল আৰু প্ৰায় ৩০ মিনিট সময় ধৰি তাতেই বহি কান্দিছিল। এইখিনি সময়ৰ পাছত সাংবাদিকগৰাকী ষ্টুডিঅৰ দিশে আগবাঢ়ি গৈছিল।

ষ্টুডিঅৰ ভিতৰত ৰিতুমণিয়ে দীৰ্ঘসময় কটাইছিল। তেওঁ তাত কেতিয়াবা শুইছিল আৰু কেতিয়াবা মবাইলত ‘Reels’ চাই উচুপি আছিল। প্ৰথম অৱস্থাত তেওঁ ষ্টুডিঅৰ ভিতৰতে নিজকে শেষ কৰাৰ চেষ্টা চলাইছিল যদিও তাত বিফল হয়। অৱশেষত ষ্টুডিঅৰ পৰা ওলাই আহি তেওঁ আন এটা কোঠাত প্ৰৱেশ কৰে আৰু তাতেই নিশা ১১ বাজি ৫৯ মিনিটত চৰম পন্থা অৱলম্বন কৰে।

উল্লেখ্য যে, অহা ৫ ডিচেম্বৰত ৰিতুমণি ৰয়ৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল। বিগত ৭ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকা সাংবাদিকগৰাকীয়ে নিজেই বন্ধু-বৰ্গক বিয়াৰ নিমন্ত্ৰণ জনাইছিল। কিন্তু আচৰিত কথা যে, গুৱাহাটীত পিতৃৰ চৰকাৰী আৱাস থকাৰ পাছতো তেওঁ হাতীগাঁৱত এজনী বান্ধৱীৰ সৈতে ভাড়াঘৰতহে বাস কৰিছিল। এই ভাড়াঘৰলৈ তেওঁৰ হবলগীয়া স্বামীৰো সঘনে আহ-যাহ আছিল বুলি জানিব পৰা গৈছে।

আনহাতে, ৰিতুমণিৰ মৃত্যুৰ পাছত বায়েকে আৰ্থিক লেনদেনক লৈ পোনপটীয়াকৈ পিতৃক দোষাৰোপ কৰিছিল যদিও বৰ্তমান পৰিয়ালৰ লোকসকল এই বিষয়ত মৌন হৈ আছে। বায়েকে উল্লেখ কৰা ১ লাখ টকাৰ ৰহস্য কি আছিল বা গুৱাহাটীত ঘৰ থকাৰ পাছতো তেওঁ কিয় ভাড়াত আছিল, সেয়া এতিয়াও স্পষ্ট নহয়। বিয়াৰ মাত্ৰ ১০ দিন পূৰ্বে কৰ্মস্থলীৰ দৰে ঠাইত তেওঁ কিয় এনে কঠোৰ সিদ্ধান্ত ললে, সেয়া এক সাঁথৰ হৈয়ে ৰৈছে।