NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ GDPকে ধৰি ৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিসংখ্যাক ‘C’ গ্ৰেড দিলে IMFয়ে; ধনৰ মজুতকলৈও উদ্বেগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 28, 2025 2:38 pm

ভাৰতৰ জিডিপি, জিভিএ আৰু অন্যান্য ৰাষ্ট্ৰীয় পৰিসংখ্যাৰ মানদণ্ডক লৈ আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (IMF) উদ্বেগ প্ৰকাশ কৰিছে। সংস্থাটোৰ বাৰ্ষিক মূল্যায়নত ভাৰতৰ ৰাষ্ট্ৰীয় একাউণ্টৰ তথ্যক ‘C’ গ্ৰেড দিয়া হৈছে।

এই বিষয়সমূহৰ বাবে আই এম এফৰ গ্ৰেডিং ব্যৱস্থাত এই গ্ৰেড ইয়াৰ চাৰিটা গ্ৰেডৰ ভিতৰত দ্বিতীয় সৰ্বনিম্ন। অৰ্থাৎ এই তথ্যত কিছুমান মৌলিক দুৰ্বলতা আছে যিবোৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ নিৰীক্ষণৰ বাবে যথেষ্ট নহয়।

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিক অৰ্থাৎ ২০২৫-২৬ চনৰ জিডিপি তথ্য আজি (শুকুৰবাৰে) প্ৰকাশ কৰাৰ কথা। ধাৰণা কৰা হৈছে যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ এই মূল্যায়নে নতুন দিল্লীক তাৰ ঠিক আগতেই গভীৰ অস্বস্তিত পেলাইছে।

আই এম এফে তুলি ধৰা দুৰ্বলতাবোৰ

আই এম এফৰ ‘চতুৰ্থ অনুচ্ছেদ’ প্ৰতিবেদনে ভাৰতৰ অৰ্থনৈতিক পৰিসংখ্যাক লৈ কেইবাটাও উদ্বেগ প্ৰকাশ কৰিছে। কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা এই বিষয়ত বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰি আহিছে। কিন্তু কেন্দ্ৰত শাসকীয় মিত্ৰজোঁটৰ সংখ্যা ইমানেই শক্তিশালী আছিল যে ঘৰুৱা ৰাজনীতি আৰু অৰ্থনীতিত বিৰোধীৰ কথাই গুৰুত্ব লাভ কৰা নাছিল। কিন্তু দেখা গ’ল যে এতিয়া ইয়াৰ মূল্য দিব লগা হৈছে।

১) ২০১১-১২ চনক এতিয়াও দেশৰ মুঠ উৎপাদন অৰ্থাৎ জিডিপি আৰু গ্ৰাহক মূল্য সূচকাংক বা চিপিআই গণনাৰ বাবে ভিত্তি বছৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। আই এম এফৰ মতে বৰ্তমানৰ খৰচৰ ধাৰা, মানুহৰ খৰচৰ অভ্যাস, উৎপাদন গাঁথনিৰ পৰিৱৰ্তন এই পুৰণি ভিত্তি বছৰটোত একেবাৰেই ধৰা পৰা নাই।

২) উৎপাদক মূল্য সূচকাংকৰ অভাৱ। জিডিপি গণনাৰ ক্ষেত্ৰত পাইকাৰী মূল্য সূচকাংক (WPI)ক ডিফ্লেটৰ হিচাপে ব্যৱহাৰ কৰিব লগা হৈছে। উৎপাদক মূল্য সূচকাংকৰ অভাৱৰ বাবে উৎপাদনৰ প্ৰকৃত ব্যয় সঠিকভাৱে ধৰা সম্ভৱ হোৱা নাই।

৩) উৎপাদন আৰু ব্যয় পদ্ধতিৰ মাজত ডাঙৰ পাৰ্থক্য। আই এম এফৰ প্ৰতিবেদনত কোৱা হৈছে যে উৎপাদন আৰু ব্যয় পদ্ধতিত কৰা গণনাৰ মাজত যথেষ্ট অমিল আছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ব্যয়ভিত্তিক তথ্য সংগ্ৰহ আৰু অনানুষ্ঠানিক খণ্ডক সামৰি লোৱাৰ ক্ষেত্ৰত ব্যৱধান আছে।

৪) ঋতু অনুসৰি সমন্বয়ৰ অভাৱ। ভাৰতৰ ত্ৰিমাসিক জিডিপিৰ তথ্য এতিয়াও ঋতু অনুসৰি সমন্বিত কৰা হোৱা নাই। উন্নত দেশত এইটো বাধ্যতামূলক। আই এম এফে কয় যে আধুনিক পৰিসংখ্যা পদ্ধতিতো উন্নতিৰ থল আছে।

আই এম এফে কোন কোন ক্ষেত্ৰত অধিক বিশদ তথ্য বিচাৰিছে

আই এম এফে প্ৰতিষ্ঠান অনুসৰি মুঠ নিৰ্দিষ্ট মূলধন গঠনৰ অধিক বিশদ বিভাজন বিচাৰে। তেওঁলোকৰ মতে ত্ৰিমাসিক উৎপাদন আৰু ব্যয়ভিত্তিক তথ্যৰ আৰু অধিক বিভাজন হ’ব লাগে। আই এম এফৰ মতে যদি এইবোৰ উপলব্ধ হয় তেন্তে অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে অধিক বিশদভাৱে বিশ্লেষণ কৰা সম্ভৱ হ’ব।

সামগ্ৰিক তথ্যৰ মানত ভাৰতে লাভ কৰিলে বিগ্ৰেড

ৰাষ্ট্ৰীয় একাউণ্টৰ বাহিৰে চৰকাৰী বিত্ত পৰিসংখ্যা, বহিঃখণ্ড, মুদ্ৰা আৰু বিত্তীয় তথ্য বাকী সকলো ক্ষেত্ৰতে ভাৰতে ‘বি’ গ্ৰেড পাইছে। অৰ্থাৎ তথ্যসমূহ সামগ্ৰিকভাৱে গ্ৰহণযোগ্য, কিন্তু ত্ৰুটি আছে। কিন্তু যোৱা বছৰৰ দৰে ৰাষ্ট্ৰীয় একাউণ্ট খণ্ডতো ‘চি’ গ্ৰেড দিয়া হৈছে। আই এম এফে কয় যে দুৰ্বলতাসমূহ বহুলাংশে অপৰিৱৰ্তিত। অৱশ্যে নতুন ভিত্তিবৰ্ষ আৰু আধুনিক পদ্ধতি প্ৰৱৰ্তনৰ পৰিকল্পনা চলি আছে।

মুদ্ৰাস্ফীতিৰ তথ্যতো বিগ্ৰেড

ভাৰতৰ কনজিউমাৰ প্ৰাইচ ইনডেক্স (চিপিআই)কো ‘বি’ গ্ৰেড দিছে আইএমএফে। কাৰণ: চিপিআইৰ ভিত্তি বছৰ ২০১১-১২। সেই সময়ত ব্যৱহাৰ কৰা সামগ্ৰীৰ টোপোলা, ওজন পদ্ধতি, বৰ্তমানৰ খৰচৰ অভ্যাস আৰু সামঞ্জস্যপূৰ্ণ নহয়। যদিও তথ্য প্ৰকাশ সময়োপযোগী—মাহত এবাৰ, মাত্ৰ এমাহৰ বিৰতিৰ—তথাপি পুৰণি পদ্ধতিৰ বাবে স্ক’ৰ হ্ৰাস পাইছে।

টকাৰ বিনিময় হাৰ ব্যৱস্থাৰ নতুন শ্ৰেণীবিভাজন, ধীৰে ধীৰেগবাঢ়িছে

ইয়াৰ পূৰ্বে আই এম এফে ভাৰতৰ বিনিময় হাৰ ব্যৱস্থাক সুস্থিৰ বুলি অভিহিত কৰিছিল। কিন্তু সেইটোও সলনি কৰি দিছে। ই ক’ব বিচাৰে যে এই ব্যৱস্থাটো এটা লেহেম ব্যৱস্থাৰ দৰে আগবাঢ়িছে। অৰ্থাৎ যোৱা ছমাহ বা তাতোকৈ অধিক সময় ধৰি টকা ২% সংকীৰ্ণ সীমাৰ ভিতৰত আছে, যিটো ভাসমান বিনিময় হাৰ বুলি গণ্য কৰা নহয়।

কিয় এই পৰিৱৰ্তন?

ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধীনত টকাৰ দুয়োফালে উঠা-নমা বাঢ়িছে। সংৰক্ষিত ধন ব্যয় নকৰাকৈ অধিক নমনীয়তা দিয়াৰ পৰামৰ্শ আগবঢ়াইছে আই এম এফে। ২১ নৱেম্বৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮৯.৪৯ ত উপনীত হয়। ইয়াৰ উপৰিও আমেৰিকাৰ বাণিজ্য শুল্ক বৃদ্ধিয়ে ভাৰতৰ ৰপ্তানি আৰু পৰ্টফলিঅ’ ফ্ল’ত আঘাত হানিছে।

ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যত: আই এম এফে কি কৈছে

চলিত বিত্তীয় বৰ্ষত বৃদ্ধিৰ হাৰ ৬.৬% হ’ব বুলি পূৰ্বানুমান কৰা হৈছে। অহা বছৰ বৃদ্ধিৰ হাৰ হ’ব ৬.২%। ভাৰতত শেহতীয়া কৰ সংস্কাৰে আমেৰিকাৰ শুল্ক বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰিব পাৰে। নতুন বাণিজ্যিক চুক্তি, দ্ৰুত গাঁথনিগত সংস্কাৰে বৃদ্ধি ত্বৰান্বিত কৰিব পাৰে। কিন্তু ভূ-ৰাজনৈতিক অস্থিৰতা আৰু বতৰৰ চৰম বিপদৰ বাবে অৰ্থনীতি বিপদত পৰিব পাৰে। খাদ্য যোগানত ব্যাঘাত জন্মালে মুদ্ৰাস্ফীতি পুনৰ হেঁচাত পৰিব পাৰে।

আই এম এফে লগতে কয় যে বৰ্তমানৰ কম মুদ্ৰাস্ফীতিৰ পৰিস্থিতিয়ে ৰিজাৰ্ভ বেংকৰ বাবে সুতৰ হাৰ আৰু কমাবলৈ ঠাই এৰি দিছে। আই এম এফে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বিত্তীয় ঘাটি হ্ৰাসৰ পৰিকল্পনা ৰূপায়ণ কৰাৰ সময়ত শুল্কৰ প্ৰভাৱৰ বিষয়ে বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছে।