NORTHEAST NOW (Assamese)
Popular Stories

আল ফালাহৰ মুৰব্বীয়ে ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি হিন্দুৰ মাটি দখল কৰিছিল! ইডিৰ হাতত বিস্ফোৰক তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 28, 2025 3:44 pm

ভুৱা নথি-পত্ৰ বনাই হিন্দুৰ মাটি দখল কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল! আল ফালাহ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। ইডিয়ে দাবী কৰিছে যে প্ৰয়াত হিন্দুসকলৰ মালিকানাধীন মাটিখিনি আল ফালাহৰ চ্যান্সেলৰ জাভেদ আহমেদ ছিদ্দিকীৰ ঘনিষ্ঠ সহযোগীক গতাই দিয়া হৈছে। মন কৰিবলগীয়া যে দিল্লী বিস্ফোৰণৰ পিছতে আল ফালাহৰ চ্যান্সেলৰক গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ পূৰ্বে দিল্লী বিস্ফোৰণত চোৰাংচোৱা সংস্থাৰ ৰাডাৰত থকা হাৰিয়ানাৰ আল ফালাহ বিশ্ববিদ্যালয় স্থগিত ৰাখিছিল এছচিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিয়ে। পিছত দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে দুখনকৈ এফআইআৰ দাখিল কৰে। প্ৰথমটো প্ৰতাৰণা আৰু দ্বিতীয়টো জালিয়াতিৰ বাবে। জালিয়াতিৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিলে ইডিয়ে। আল ফালাহৰ প্ৰতিষ্ঠাপক জাভেদ আহমেদ ছিদ্দিকীকো জেৰা কৰা হয়। দীঘলীয়া জেৰাৰ অন্তত বহু প্ৰশ্নৰ উত্তৰ নোপোৱাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ হোৱাৰ এদশক পিছত ইডিয়ে ছিদ্দিকিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰে যে দিল্লীৰ মদনপুৰ খাদৰত ছিদ্দিকীয়ে অবৈধভাৱে মাটি দখল কৰিছিল। ২০০৪ চনৰ জেনেৰেল পাৱাৰ অৱ এটৰ্নী ব্যৱহাৰ কৰি ছিদ্দিকিৰ ঘনিষ্ঠ সহযোগী তৰবিয়া এডুকেচন ফাউণ্ডেশ্যনৰ হাতত কেইবাটাও মাটিৰ টুকুৰা গতাই দিয়া হৈছিল।কিন্তু সেই মাটিৰ মালিক হিন্দু আছিল আৰু ১৯৭২ চনৰ পৰা ১৯৯৮ চনৰ ভিতৰত সকলোৰে মৃত্যু হৈছিল।অৰ্থাৎ ছিদ্দিকীৰ ঘনিষ্ঠ এটা সংগঠনে ভুৱা পাৱাৰ অৱ এটৰ্নী ব্যৱহাৰ কৰি সেই মাটি দখল কৰিছিল।

ফৰিদাবাদত বিস্ফোৰক উদ্ধাৰ, কেইবাজনো চিকিৎসক গ্ৰেপ্তাৰ আৰু তাৰ পিছত দিল্লী বিস্ফোৰণৰ সৈতে আল-ফালাহ বিশ্ববিদ্যালয়ৰ নাম জড়িত হৈ পৰে। সূত্ৰ অনুসৰি এই বিধ্বংসী কাৰ্য্যৰ আঁৰত আল-ফালাহ বিশ্ববিদ্যালয়ৰ কেইবাজনো চিকিৎসক। দিল্লী বিস্ফোৰণৰ আত্মঘাতী বোমাৰু উমৰ-উল-নবী এই আল-ফালাহ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আছিল। বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ ছিদ্দিকী এতিয়াও ইডিৰ জিম্মাত আছে। তেওঁক সোধা-পোছা কৰিছে তদন্তকাৰীয়ে।