NORTHEAST NOW (Assamese)
অসম

খানাপাৰা খেলপথাৰ ধ্বংসৰ বাবে বিজেপিক জগৰীয়া কৰা অসম কৃষি বিশ্ববিদ্যালয়লৈ ৬টা প্ৰশ্ন

Posted by: এন ই নাও নিউজ June 13, 2018 10:39 pm
Khanapara

অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে এক আৰ টি আই আবেদনৰ উত্তৰত খানাপাৰা খেলপথাৰ ধ্বংস কৰাৰ বাবে বিজেপি আৰু কামৰূপ (মঃ) প্ৰশাসনক জগৰীয়া কৰিছিল।

গুৱাহাটী মহানগৰৰ দক্ষিণ দিশে থকা এই দৃষ্টিনন্দন খেলপথাৰখন ধ্বংসৰ বাবে বহুবিলাক সামাজিক, ৰাজনৈতিক আৰু ক্ৰীড়া সংগঠনে সোণোৱাল নেতৃত্বাধীন চৰকাৰকে দোষ দিছিল।

১. খেলপথাৰখন ধ্বংসৰ কাৰণে অসম কৃষি বিশ্ববিদ্যালয়ে অকল বিজেপিকে কিয় দোষ দিছিল? ছোনিয়া গান্ধী গুৱাহাটীলৈ অহাৰ সময়ত খেলপথাৰখনৰ দেৱাল দুঠাইত ভঙা হৈছিল, আনকি খেলপথাৰ চৌহদৰে ২০ জোপা গছো কটা হৈছিল। দেৱাল ভঙাৰ বাবে কংগ্ৰেছক কিয় জগৰীয়া কৰা নহ’ল?

২. বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য কমল মল্ল বুজৰবৰুৱাই দাবী কৰিছিল যে ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগৰ আৰ টি আই আবেদনৰ উত্তৰ দিয়াৰ বাবে কৰ্তৃত্ব নাই। বিশ্ববিদ্যালয়খনৰ জনতথ্য বিষয়াই এই গুৰুত্বপূৰ্ণ বিষয়টোৰ আৰ টি আই আবেদনখনৰ উত্তৰ কিয় দিয়া নাছিল?

৩. উপাচাৰ্য্যই কোৱা মতে ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগ বিশ্ববিদ্যালয়ৰ বিভাগীয় মুখপাত্ৰ নহয়। তেওঁ যদি বিশ্ববিদ্যালয়ৰ বিভাগীয় মুখপাত্ৰ নহয়, তেন্তে নৰ্থ ইষ্ট নাও-ৰ প্ৰতিবেদনৰ বিষয়ে চ’চিয়েল মিডিয়াত কিয় বিবৃতি দিছিল ৰঞ্জিত নেওগে?

৪. হেলিপেদ নিৰ্মাণৰ বাবে যুৰীয়া ক্ৰিকেট পিত্চখন মাটিৰে পুতি পকী ব্লক বহুৱাওঁতে কিয় প্ৰতিবাদ কৰা নাছিল কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই?

৫. খানাপাৰাৰ খেলপথাৰখন ধ্বংস হোৱাক লৈ ইমান দিনে কিয় নীৰৱ হৈ আছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ? ই চৰকাৰ আৰু জিলা প্ৰশাসনৰ হেঁচাত পৰিছে নেকি?

৬. খেলপথাৰখন ক্ৰীড়াৰ লগত সম্পৰ্কহীন কাৰ্য্যকলাপৰ বাবে দি কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰে। খেলপথাৰখনৰ মেৰামতি আৰু সঠিক ৰূপত ৰখাৰ বাবে এই পুঁজি কিয় ব্যৱহাৰ নকৰিলে বিশ্ববিদ্যালয়ে?