ঠাকৰে পৰিয়ালৰ ‘হৃতগৌৰৱ’ পুনৰুদ্ধাৰৰ বাবে মিত্ৰতা ৰাজ-উদ্ধৱৰ; বিজেপিৰ বাবে প্ৰত্যাহ্বান!

এজনৰ পিতৃ, আনজনৰ খুড়ায়েক। এটা সময়ত মুম্বাই আৰু মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বহুখিনি তেওঁৰ নিয়ন্ত্ৰণতে আছিল। তেওঁৰ, বালাচাহেব থাকৰেৰ দ্বাৰা প্ৰতিষ্ঠা কৰা শিৱসেনা দল এতিয়া একনাথ শিণ্ডেৰ দখলত। অৱশ্যে বালাছাহেব জীয়াই থকাৰ সময়তে থাকৰে পৰিয়াল আৰু শিৱসেনাত বিভাজন হৈছিল।
বালাচাহেবৰ ভতিজাক ৰাজ থাকৰেই বালাচাহেবৰ পুত্ৰ উদ্ধৱক দলৰ শীৰ্ষ নেতৃত্বত মানি নলৈ ২০০৬ চনত নিজাকৈ মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনা (এম এন এছ) দল গঠন কৰে। প্ৰায় দুটা দশকৰ পিছত বুধবাৰে দুয়োজন ভাতৃ উদ্ধৱ আৰু ৰাজে যৌথ সংবাদমেল অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে তেওঁলোকে ১৫ জানুৱাৰীত বৃহনমুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিব।
শিৱসেনা শিণ্ডেৰ হাতলৈ যোৱাৰ পাছত উদ্ধৱৰ দলৰ নাম শিৱসেনা-ইউবিটি (উদ্ধৱ বালাচাহেব থাকৰে) ৰখা হয়। দুই দশকৰ পাছত পুনৰ ৰাজ আৰু উদ্ধৱে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সাক্ষী হ’বলৈ গৈ আছে মহাৰাষ্ট্ৰত।
এইবাৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক নতুন সমীকৰণৰ সৃষ্টি হৈছে বুলি ধাৰণা কৰা হৈছে। বুধবাৰে ৰাজে ঘোষণা কৰে যে এজন মাৰাঠী মুম্বাইৰ মেয়ৰ হ’ব। ৰাজনৈতিক বিশ্লেষকৰ একাংশৰ মতে, দুই ভাতৃৰ এই মিত্ৰতাই মাৰাঠী পৰিচয়ক উজ্জ্বল কৰি মাৰাঠী ভোট বেংকক তেওঁলোকৰ পক্ষত একত্ৰিত কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে। যাৰ মূল লক্ষ্য হৈছে বিজেপি নেতৃত্বাধীন মহাযুতি মিত্ৰজোঁটক এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখত ৰখা – বিশেষকৈ মুম্বাইত।
শিৱসেনাৰ সমৰ্থনৰ মূল ভিত্তি হিচাপে বিবেচিত হোৱা মাৰাঠী ভোট বেংক ২০২২ চনত শিৱসেনা ভাঙি পৰাৰ বাবে বিভাজিত হৈ পৰিছে। বৰ্তমান মহাৰাষ্ট্ৰত বিজেপি, শিৱসেনা (ইউবিটি) আৰু এনচিপি (অজিত পাৱাৰ)ৰ মিত্ৰজোঁট ক্ষমতাত আছে। ২০২৪ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পিছত এতিয়া ৰাজ আৰু উদ্ধৱৰ দল দুয়োটাই ৰাজনৈতিক প্ৰাসংগিকতা বজাই ৰাখিবলৈ যুঁজ দিছে। ৰাজনৈতিক শিবিৰৰ মতে থাকৰে ভাতৃদ্বয় একত্ৰিত হ’লে শিৱসেনাও একত্ৰিত হৈ বালাচাহেবৰ পুত্ৰ আৰু ভতিজাকৰ প্ৰতি সমৰ্থন দিব আৰু এইটো মনত ৰাখিয়েই মিত্ৰতা গঢ়া হৈছে।
যৌথ সংবাদমেলৰ পূৰ্বে দাদৰৰ ছত্ৰপতি শিৱাজী পাৰ্কত বালাচাহেবক শ্ৰদ্ধাঞ্জলি জনায় দুই ভাতৃয়ে। ইয়াৰ পিছতে ৰাজ আৰু উদ্ধৱ একেখন গাড়ীতে সংবাদমেলস্থলীত উপস্থিত হয়।
ৰাজে কয়, “মহাৰাষ্ট্ৰই এই মুহূৰ্তটোৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰি আছে।” তেওঁৰ ভাষাত, “যিকোনো কাজিয়া বা বিবাদতকৈ মহাৰাষ্ট্ৰৰ স্বাৰ্থ বহুত ডাঙৰ। মুম্বাইৰ মেয়ৰ এজন মাৰাঠী হ’ব আৰু তেওঁ আমাৰ মিত্ৰতাৰে হ’ব।”
উদ্ধৱে কয়, ‘এই মিত্ৰতাই মুম্বাই আৰু মহাৰাষ্ট্ৰৰ সুকীয়া পৰিচয় সুৰক্ষিত কৰিব।’ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে অহা ১৫ জানুৱাৰীত বিএমচিকে ধৰি ২৯টা পৌৰ নিগমত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।