NORTHEAST NOW (Assamese)
Popular Stories

শীতকালত কমলাৰ ৰসৰ যাদুকৰী উপকাৰিতা: জানক বিশেষজ্ঞৰ মতামত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2025 6:30 am

শৰীৰক ৰোগমুক্ত কৰি ৰাখিবলৈ পুষ্টিকৰ খাদ্য, বিশেষকৈ বতৰৰ ফল-মূল আৰু শাক-পাচলি খোৱাটো অতি প্ৰয়োজনীয়। বৰ্তমান কমলাৰ বতৰ আৰু বিশেষজ্ঞসকলৰ মতে, কমলাৰ ৰসে আমাৰ শৰীৰক বিভিন্ন ধৰণে সুৰক্ষা প্ৰদান কৰে। ভিটামিন-চি আৰু এন্টিঅক্সিডেণ্টেৰে ভৰপূৰ এই ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ভাইৰেল সংক্ৰমণৰ পৰাও হাত সাৰিবলৈ সহায় কৰে।

স্বাস্থ্য উপকাৰিতাসমূহ:

ৰক্তচাপ আৰু হৃদৰোগৰ সুৰক্ষা: কমলাত থকা পেকটিন আৰু ফ্লেভোনইডে উচ্চ ৰক্তচাপৰ আশংকা হ্ৰাস কৰে। লগতে ই শৰীৰত বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

ৰক্তহীনতা আৰু পাচন তন্ত্ৰ: কমলাৰ ৰসত থকা ভিটামিন-এ, চি আৰু আইৰণে হিমগ্লোবিনৰ মাত্ৰা বৃদ্ধি কৰি ৰক্তহীনতা (Anemia) দূৰ কৰে। ইয়াত থকা আঁহে (Fiber) কোষ্ঠকাঠিন্যৰ দৰে পেটৰ সমস্যাৰ পৰা সকাহ দিয়ে।

ওজন হ্ৰাস আৰু দৃষ্টিশক্তি: আঁহযুক্ত হোৱা বাবে কমলাৰ ৰস খালে বহু সময়লৈ ভোক নালাগে, যিয়ে ওজন কমোৱাত সহায় কৰে। তদুপৰি, ভিটামিন-এ ৰ উপস্থিতিৰ বাবে ই দৃষ্টিশক্তি বৃদ্ধি আৰু চকুৰ সুৰক্ষাত বিশেষ ভূমিকা লয়।

ছাল, চুলি আৰু গৰ্ভাৱস্থা: কমলাৰ ৰসে কোলাজেন উৎপাদন বৃদ্ধি কৰি ছালৰ উজ্জ্বলতা বঢ়ায় আৰু চুলি সৰা বন্ধ কৰে। ইয়াত থকা ফোলেট (Folate) গৰ্ভৱতী মহিলাৰ বাবে অত্যন্ত উপকাৰী।

মুঠতে, শীতকালৰ এই অমৃত স্বৰূপ কমলাৰ ৰস নিয়মীয়াকৈ সেৱন কৰি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে।