NORTHEAST NOW (Assamese)
অসম

নগাঁৱত যুৱ কংগ্ৰেছ-এন এছ ইউ আইৰ উদ্যোগত তিনি শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

Posted by: মিন্টূ দাস June 15, 2018 12:05 pm
14-06-18 Nagaon- HS and HSLC felicitation by congress

নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে জিলাখনৰ কৃতী ছাত্র-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। সদ্য ঘোষিত হাইস্কুল, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।

এই উপলক্ষে নগাঁও চহৰত থকা শ্বহীদ ভৱনত অনুষ্ঠানত এক সভাত নগাঁও জিলাৰ ১১ গৰাকী স্থান প্ৰাপ্ত পৰীক্ষাৰ্থীসহ প্ৰায় তিনি শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ, শৰাই আদিৰে সম্বৰ্ধনা জনায়।

জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা, কংগ্ৰেছ নেতা সুৰেশ বৰা, নগাঁও লোকসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত বৰা আদিকে ধৰি ভালে কেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।

সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁ‌ত ধৰে ৰাজ্যিক এন এছ ইউৰ সম্পাদক ইফতিকাৰ হুছেইনে।

উল্লেখযোগ্য যে  যোৱা বুধবাৰেও নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ এলেকাধীন কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নগাঁৱৰ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে  নগাঁও চহৰৰ জিলা পুথিভঁ‌ড়ালত বুধবাৰে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈছিল।

বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিশেষ তৎপৰতাত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ মুঠ ৯৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা, ফুলৰ থোপা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হৈছিল।