NORTHEAST NOW (Assamese)
অসম

“সংবাদ মাধ্যম নিৰপেক্ষ নহয়, সেয়ে সংবাদমেল অনুষ্ঠিত নকৰো”! প্ৰধানমন্ত্ৰী মোদীয়ে কি ক’ব বিচাৰিছে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 18, 2024 8:48 am
“সংবাদ মাধ্যম নিৰপেক্ষ নহয়, সেয়ে সংবাদমেল অনুষ্ঠিত নকৰো”! প্ৰধানমন্ত্ৰী মোদীয়ে কি ক’ব বিচাৰিছে?

ছ’চিয়েল মিডিয়াত তেওঁ যথেষ্ট সক্ৰিয়। ‘মন কি বাত’ অনুষ্ঠানতো তেওঁ বিভিন্ন বিষয়ত নিজৰ মতামত প্ৰকাশ কৰে। তথাপি কেতিয়াও সংবাদমেল অনুষ্ঠিত কৰা নাছিল। কিন্তু কিয়?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে, ‘সংবাদ মাধ্যমৰ চৰিত্ৰ সলনি হৈছে। পূৰ্বৰ নিৰপেক্ষ সত্তা আৰু এতিয়া নাই। সাংবাদিকসকল এতিয়া নিজৰ ধাৰণা আৰু আদৰ্শৰ প্ৰচাৰত ব্যস্ত।‘

শেহতীয়াকৈ সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত মোদীয়ে কয়, ‘মই সংসদক উত্তৰ দিওঁ। সাংবাদিকৰ নিজস্ব পছন্দ থাকে। সেই পছন্দৰ বাবেই তেওঁলোক পৰিচিত। সংবাদ মাধ্যম আৰু নিৰপেক্ষ নহয়’।

লগতে পঢ়কঃ IPL 2024: ৰোহিতৰ ধুমুহা স্তব্ধ কৰি সান্তনাৰ জয় লক্ষ্ণৌৰ! শামুকৰ খোলা হৈ ৰ’ল হাৰ্দিকৰ মুম্বাই

প্ৰধানমন্ত্ৰীয়ে আক্ষেপ কৰি কয় যে, ‘পূৰ্বতে সংবাদ মাধ্যমত কোনো মুখ নাছিল। কোনে লিখিছে? আদৰ্শ কি? কোনেও সেইবোৰ কথা ভবা নাছিল। পৰিস্থিতি নিশ্চিতভাৱে একে থকা নাই’।

ইপিনে, তেওঁ সংবাদমেল অনুষ্ঠিত নকৰিলেও সাক্ষাৎকাৰ কিন্তু দিয়ে। মোদীয়ে কয়, এতিয়া যোগাযোগৰ বহু মাধ্যম আছে। কিন্তু সাক্ষাৎকাৰৰ প্ৰস্তাৱ তেওঁ কেতিয়াও ঘূৰাই নিদিয়ে। তেওঁৰ ভাষাত, ‘মই কঠোৰ পৰিশ্ৰম কৰিব বিচাৰো। দুখীয়া মানুহৰ ঘৰলৈ যাবলৈ মন যায়। ইচ্ছা কৰিলে ফিটা কাটি মোৰ ছবিখন তুলিব পাৰিলোঁহেঁতেন, কিন্তু নকৰোঁ। ঝাৰখণ্ডৰ সৰু জিলালৈ গৈ সৰু প্ৰজেক্টত কাম কৰো।‘

লগতে পঢ়কঃ কানহাইয়াৰ গালত প্ৰচণ্ড চৰ! প্ৰচাৰৰ মাজত কোনে আক্ৰমণ কৰিলে কানহাইয়া কুমাৰক?

মোদীয়ে লগতে কয়, ‘মই এটা নতুন কৰ্ম সংস্কৃতি লৈ আহিছো। যদি সেই সংস্কৃতি সঠিক অনুভৱ হয়, তেন্তে সংবাদ মাধ্যমে সঠিকভাৱে পৰিৱেশন সৃষ্টি কৰা উচিত। যদি মন নাযায় তেন্তে নকৰিব’।