• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: ৰোহিতৰ ধুমুহা স্তব্ধ কৰি সান্তনাৰ জয় লক্ষ্ণৌৰ! শামুকৰ খোলা হৈ ৰ’ল হাৰ্দিকৰ মুম্বাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2024 7:56 am
ফটোঃ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ।

ফটোঃ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান প্ৰমিয়াৰ লীগত এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ বাবে বহু আগতেই বাজিছিল বিদায় ঘণ্টা। ৰান ৰেটৰ পাহাৰৰ অতিক্ৰমি ওপৰত উঠাৰ কোনো আশা নাছিল কে এল ৰাহুলৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ। ফলত ৱানখেড়েৰ মেচখন দুয়োটা দলৰ বাবে এক প্ৰকাৰৰ নিয়মৰক্ষাৰ খেল আছিল।

তদুপৰি, অহৰহ বিতৰ্কত বিধ্বস্ত হৈ পৰা পৰিস্থিতিৰ পৰা ছিজনৰ শেষত সামান্য অক্সিজেন পোৱাৰ আশাহে বৰ্তি আছিল। বৰষুণৰ ফলত বিঘ্নিত হোৱা যুঁজখনত লক্ষ্ণৌৱে জয়লাভ কৰে। ১৮ ৰাণত পৰাস্ত হোৱাৰ পাছত আকৌ এবাৰ হাৰ্দিকৰ মুম্বাইয়ে পৰাজয়ৰ গ্লানি শিৰত তুলি ল’লে।

টছত জয়ী হৈ মুম্বাইৰ অধিনায়ক হাৰ্দিকে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। দলৰ ঘোষণাত কেইবাটাও আশ্চৰ্য্যৰ সৃষ্টি হৈছিল। প্ৰথম এঘাৰত নাছিল ৰোহিত আৰু বুমৰাহ। পোলাৰ্ডে পূৰ্বে কৈছিল যে টী-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ফাষ্ট বলাৰজনক জিৰণি দিয়াৰ কোনো পৰিকল্পনা নাই।

Apply Now
ফটো সৌজন্যঃ আইপিএল।

কিন্তু শুকুৰবাৰে বুমৰাহৰ সলনি চলিত ছিজনত শচীনৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰে অভিষেক ঘটায়। তেওঁ বেয়া আৰম্ভণি কৰা নাছিল। কিন্তু দ্বিতীয় অভাৰত আঘাত পাই বাহিৰ হব লগা হয়।

আনহাতে, লক্ষ্ণৌৰ দেৱদত্ত পাড়িক্কাল শীঘ্ৰে আউট হোৱাৰ পিছত অধিনায়ক ৰাহুলে (৫৫) বেটিঙৰদায়িত্ব চম্ভালে। ষ্টইনিছৰ পিছত দীপক হুডাই নিকোলাছ পুৰাণৰ সৈতে যুটী বান্ধে। কেৰিবিয়ান তাৰকাগৰাকীয়ে নমন ধীৰৰ চাৰিটা বলত ১৭ ৰান সংগ্ৰহ কৰে। মাত্ৰ ২৯টা বলত ৭৫ ৰানত স্তব্ধ হৈ পৰে তেওঁৰ এই বিধ্বংসী ইনিংছ। ২০ অভাৰৰ শেষত লক্ষ্ণৌৱে ৬ উইকেটত ২১৪ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ আইপিএল।

যদিও ই এটা ডাঙৰ টাৰ্গেট, তথাপিও ৱানখেড়ে ষ্টেডিয়ামত এই ৰান অতিক্ৰম কৰাটো অসম্ভৱ নহয়। ইমপেক্ট প্লেয়াৰ হিচাপে নমা ৰোহিত শৰ্মাই আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক ইনিংছ খেলিবলৈ আৰম্ভ কৰে। কিন্তু চতুৰ্থ অভাৰৰ শেষ হোৱাৰ আগতেই বৰষুণত খেল বন্ধ হৈ গ’ল। চলিত আই পি এলত বৰষুণে কেইবাখনো মেচত প্ৰভাৱ পেলাইছে। কিন্তু শুকুৰবাৰৰ দনটোত বৰষুণ বেছি সময় নাথাকিল। তাৰ পিছত আৰম্ভ হ’ল ৰোহিতৰ বেটত চাৰি ছয়ৰ বৰষুণ।

যোৱা কেইখনমান মেচত তেওঁৰ বেটিং প্ৰদৰ্শনক লৈ যথেষ্ট চৰ্চা হৈছে। টী-২০ বিশ্বকাপত কি হ’ব তাকলৈও অনুৰাগীসকল চিন্তিত হৈ পৰিছিল। ছিজনৰ অন্তিমখন মেচত ৩৮ বলত ৬৮ ৰানৰ ইনিংছটোৰে সকলো প্ৰশ্নৰ উত্তৰ দিলে হিটমেনে। তেওঁ খেলপথাৰৰ চাৰিওফালে বল মাৰি পঠিয়াইছিল।

ফটো সৌজন্যঃ আইপিএল।

কিন্তু ৰবি বিষ্ণোইৰ বলত ৰোহিত আউট হৈ অহাৰ লগে লগে মুম্বাই ইণ্ডিয়ানছৰ সেই চিনাকি ছন্দ ঘূৰি আহিল। সূৰ্যকুমাৰ (০), ঈশান (১৪), নেহাল ৱাধেৰা (১৬) এজন এজনকৈ উভতিল। অধিনায়ক হাৰ্দিকে (১৬) অন্তিমখন মেচতো আশা দেখুৱাব নোৱাৰিলে। শেষৰ ফালে নমন ধীৰে (৫৬) এক আপ্ৰাণ প্ৰচেষ্টা চলাইছিল। বহু দেৰি হ’লেও তেওঁ পৰৱৰ্তী ছিজনৰ তাৰকা হোৱাৰ আশা পোহৰাই তুলিলে। কিন্তু শেষ ৰক্ষা নহ’ল। মুম্বাই ইণ্ডিয়ানছ খেলখনত ১৮ ৰাণত পৰাস্ত হৈ লীগ টেবুলৰ তলতেই পৰি থাকিল।

ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ ২১৪/৬ (পুৰণ ৭৫, ৰাহুল ৫৫, থুছাৰা ২৮/৩)

মুম্বাই ইণ্ডিয়ানছঃ ১৯৬/৬ (ৰোহিত ৬৮, নমন ৬২, বিষ্ণোই ৩৭/২)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ১৮ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd