NORTHEAST NOW (Assamese)
দেশ

দেশৰ ৮৪, ৪৫৩ খন চৰকাৰী বিদ্যালয়ত বন্ধ হ’ল মধ্যাহ্ন ভোজন : শীতকালীন ৰাজ্যসভাত উদ্বেগজনক তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2026 3:16 pm

বিগত পাঁচ বছৰত দেশত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় বন্ধ হোৱাৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। ইয়াৰ লগতে দেশৰ ৮৪ হাজাৰ ৪৫৩ খন বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিও বন্ধ হৈ পৰিছে। সংসদৰ শীতকালীন অধিবেশনত ৰাজ্যসভাত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে এক প্ৰশ্নৰ উত্তৰত এই ভয়ংকৰ পৰিসংখ্যা দাঙি ধৰিছে। বৰ্তমান পি এম পোষণ নামেৰে জনাজাত এই আঁচনিখন বন্ধ হোৱা বিদ্যালয়ৰ তালিকাত শীৰ্ষত আছে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু অসমৰ দৰে ৰাজ্য।

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ২০২০-২১ বৰ্ষত দেশৰ ১১ লাখ ১৯ হাজাৰ ৭৮৫ খন বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ সুবিধা আছিল। কিন্তু ২০২৪-২৫ বৰ্ষলৈ এই সংখ্যা হ্ৰাস পাই ১০ লাখ ৩৫ হাজাৰ ৩৩২ লৈ নামি আহিছে। শতাংশৰ হিচাপত এয়া প্ৰায় ৭.৫ শতাংশ। কভিড অতিমাৰীৰ সময়ৰ পৰাই বিদ্যালয়সমূহৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল আৰু ইয়াৰ প্ৰভাৱ এতিয়া স্পষ্ট হৈ পৰিছে। বিশেষকৈ বিজেপি শাসিত তিনিখন ৰাজ্যতে সৰ্বাধিক স্কুলত এই আঁচনি বন্ধ হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

উত্তৰ প্ৰদেশত যোৱা পাঁচ বছৰত ২৬ হাজাৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধ হৈছে। ইয়াৰ পিছতে মধ্য প্ৰদেশত ২৫ হাজাৰ আৰু অসমত ৯ হাজাৰ ৩২১ খন বিদ্যালয়ত এই আঁচনি বন্ধ হোৱাৰ তথ্য পোৱা গৈছে।

আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে জনোৱা মতে কেৱল ২০২১-২২ বৰ্ষতে দেশত ৩৫ হাজাৰৰো অধিক স্কুলত এই সেৱা বন্ধ হৈছিল। পশ্চিমবংগৰ ক্ষেত্ৰত এই সংখ্যা ২ হাজাৰ ১৫৬ বুলি জানিব পৰা গৈছে।

বিদ্যালয়সমূহ কিয় বন্ধ হৈছে সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোনো স্পষ্ট কাৰণ দৰ্শোৱা নাই। তেওঁ উল্লেখ কৰে যে ল’ৰা-ছোৱালীক ৰন্ধা গৰম আৰু পুষ্টিকৰ খাদ্য যোগান ধৰাৰ দায়িত্ব ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ। যদিও কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ বাবে ধন আবণ্টন দিয়ে, ইয়াক কাৰ্যকৰী কৰাৰ মূল দায়িত্ব ৰাজ্য চৰকাৰৰ হাততে থাকে। ২০২৫-২৬ বৰ্ষৰ বাবে কেন্দ্ৰই এই আঁচনিৰ শিতানত ১২ হাজাৰ ৫০০ কোটি টকা ধাৰ্য কৰিছে।

ইফালে কেন্দ্ৰীয় চৰকাৰে যোৱা এপ্ৰিল মাহৰ পৰা মধ্যাহ্ন ভোজনৰ বাবে জনমূৰি ব্যয় অলপ বৃদ্ধি কৰিছে। প্ৰাক-প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ৬.১৯ টকাৰ ঠাইত ৬.৭৮ টকা আৰু ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ বাবে ৯.২৯ টকাৰ ঠাইত ১০.১৭ টকালৈ আবণ্টন বৃদ্ধি কৰা হৈছে। এই সামগ্ৰিক পৰিস্থিতিয়ে দেশৰ শিক্ষা খণ্ড আৰু শিশুৰ পুষ্টিৰ ক্ষেত্ৰত এক প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে।