NORTHEAST NOW (Assamese)
উত্তৰ-পূব

আছাম ৰাইফলছৰ বৰ্বৰতাৰ বিৰুদ্ধে ন্যায় বিচাৰি ১৬ ডিচেম্বৰৰ পৰা আন্দোলনত নামিব কন্যাক নগা সম্প্ৰদায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 14, 2021 5:57 pm
Nagaland firing

নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ বৰ্বৰ গুলীচালনাত নিহত হোৱা ১৪ জন নাগৰিকৰ ন্যায় প্ৰদানৰ দাবীত ১৬ ডিচেম্বৰৰ পৰা প্ৰথম পৰ্যায়ৰ আন্দোলন আৰম্ভ কৰিব কন্যাক নগা সম্প্ৰদায়ে।

কন্যাক বেপ্টিষ্ট বুমেইনোক বাংজুমৰ বেনাৰত সোমবাৰে মন জিলা জুৰি ৪ আৰু ৫ ডিচেম্বৰত সশস্ত্ৰ বাহিনীৰ জোৱানৰ দ্বাৰা নিহত ১৫ জন নিৰীহ নাগৰিকৰ স্মৃতিত ম’মবাতি জ্বলাই শোকবাৰ্তা অনুষ্ঠান আয়োজন কৰাৰ পিছত কন্যাকসকলৰ ৭ দিনীয়া শোকৰ সামৰণি পৰে।

এক যুটীয়া বিবৃতিত কন্যাক নাগৰিক সমাজ সংগঠন (চিএছঅ’), কন্যাক ইউনিয়ন, কন্যাক ষ্টুডেণ্টছ ইউনিয়ন আৰু কন্যাক নিউপুহ শ্বেকো খুঙে ঘোষণা কৰে যে কন্যাকসকলে ন্যায়ৰ বাবে তেওঁলোকৰ যুঁজ অব্যাহত ৰাখিব।

চিএছও-ৰ দ্বাৰা দাবীৰ চাৰিদফীয়া ঘোষণাপত্ৰত কোৱা হৈছে যে ন্যায় প্ৰদান নোহোৱালৈকে তেওঁলোকৰ আন্দোলন বিভিন্ন ৰূপত আৰু বিভিন্ন সময়ত অব্যাহত থাকিব।

যুটীয়া বিবৃতিটোত কোৱা হৈছে যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰথম পৰ্যায়ৰ আন্দোলন ১৬ ডিচেম্বৰত মন জিলা জুৰি ৰাজহুৱা সমদলৰ সৈতে আৰম্ভ হ’ব।

চিএছঅ’- এ কয় যে দাবীসমূহ পূৰণ নোহোৱালৈকে তেওঁলোকে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈতে তেওঁলোকৰ অসহযোগ প্ৰত্যাহাৰ নকৰে।

তেওঁলোকে পৰম্পৰাগত ভূমি মালিকসকলক তেওঁলোকৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত সেনা ঘাটি শিবিৰ স্থাপনৰ বাবে সকলো চুক্তিৰ নিন্দা কৰিবলৈও আহ্বান জনায়।

যুটীয়া বিবৃতিটোত কোৱা হৈছে যে কোনো কন্যাক ভিলেজ কাউন্সিল আৰু শিক্ষাৰ্থীয়ে বাহিনীৰ পৰা কোনো ধৰণৰ উন্নয়নমূলক পেকেজ গ্ৰহণ কৰিব নালাগে আৰু যদি ইয়াৰ বিপৰীত হয় তেতিয়া লগে লগে এনেধৰণৰ কাৰ্যৰ নিন্দা কৰিব লাগিব।

চিএছঅ’- এ লগতে এই দাবীও কৰে যে নাগালেণ্ড চৰকাৰে পাঁচ দিনৰ ভিতৰত তিৰু আৰক্ষী থানা কাৰ্যকৰী কৰিব লাগে।

তদুপৰি বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৪ ডিচেম্বৰৰ ঘটনাৰ বলি হোৱা দুজনৰ বাবে নাগালেণ্ড চৰকাৰে সম্পূৰ্ণ দায়িত্ব ল’বলৈ চিএছঅ’ই দাবী জনাইছে।