NORTHEAST NOW (Assamese)
অসম

শ্ৰমিকৰ মজুৰিকলৈ বোকাখাতৰ মেথনি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত October 30, 2021 4:45 pm

শ্ৰমিকৰ মজুৰিক কেন্দ্ৰ কৰি শনিবাৰে বোকাখাত মহকুমাৰ মেথনি চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

চাহ বাগিচাখনৰ পৰিচালক চি জে ফাৰ্ণাণ্ডেজৰ লগত শ্ৰমিকৰ মজুৰি প্ৰদানক লৈ ২৯ অক্টোবৰৰ নিশা সৃষ্টি হোৱা বাক বিতণ্ডাৰ পিচত শনিবাৰে পুৱাৰে পৰা প্ৰাপ্য মজুৰিৰ বাবে বাগিচা খনৰ ফেক্টৰীৰ সন্মুখত শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

শ্ৰমিক সকলৰ মতে মেথনি চাহ বাগিচাৰ কৰ্তৃপক্ষই অন লাইন ব্যৱস্থাৰে বেংকৰ এ টি এমৰ যোগে মজুৰি প্ৰদান কৰাৰ বাবে বজাৰ সমাৰ কৰাৰ বাবে শ্ৰমিক সকলৰ বিভিন্ন সমস্যা হয় ৷

এই বিষয়ে বাগিচা কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও শ্ৰমিক সকলৰ সমস্যাক গুৰুত্ব দিয়া নাছিল বাগিচাখনৰ পৰিচালক গৰাকীয়ে ।

শনিবাৰে বাগিচা শ্ৰমিক সকলে মজুৰি এ টি এমৰ পৰিৱৰ্তে পূৰ্বৰ দৰে নগদ ধন হিচাপে দিবলৈ দাবী জনায় । ইয়াকে লৈ পৰিস্থিত উত্তপ্ত হৈ পৰে ৷

শ্ৰমিক সকলে ফেক্টৰীৰ সমুখতে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদস্থলীত ক্ষোভিত শ্ৰমিকসকলে তেওঁলোকৰ সমস্যা সমাধানৰ কোনো কাৰ্যব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ তুলি আৰু শ্ৰমিক সকলক কেৱল ৰাজনৈতিক স্বাৰ্থতহে ব্যৱহাৰ কৰাৰ অভিযোগত অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সম্পাদক তপন কৰ্মকাৰৰ প্ৰতিকৃতি দাহ কৰে ।

পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত বোকাখাতৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ শ্ৰমিক সকলৰ দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহন কৰাতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷

প্ৰতিবাদস্থলীত বোকাখাতৰ দণ্ডাধীশে আলোচনাৰ মাজেৰে শ্ৰমিকৰ দাবীসমূহ পুৰণ তথা সমস্যা সমাধানৰো আশ্বাস প্ৰদান কৰে ।

উল্লেখযোগ্য যে, মেথনি চাহ বাগিচাৰ পৰিচালকৰ সৈতে শ্ৰমিকৰ সংঘাত পূৰ্বতেও হৈছিল ৷

সেই সময়ত পৰিচালকজনে বাগিচাৰ মহিলা শ্ৰমিকক অশালীন আচৰণ কৰা, শ্ৰমিকক শাৰিৰীক ভাৱে প্ৰহাৰ কৰা আদি অভিযোগ উত্থাপিত হৈছিল আৰু কাৰাবাসো খাটিব লগা হৈছিল পৰিচালকগৰাকীয়ে ৷