NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকা যুক্তৰাষ্ট্ৰই সাম্ৰাজ্যবাদ আৰু বিশ্ব পুঁজিবাদৰ নিষ্ঠুৰতম চৰিত্ৰ প্ৰকাশ কৰিছে – ড° হীৰেন গোহাঁই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2026 7:16 pm

ভেনিজুৱেলাৰ বিৰুদ্ধে শেহতীয়া মাৰ্কিন আগ্ৰাসন হ’ল লেটিন আমেৰিকাত সাম্ৰাজ্যবাদী হস্তক্ষেপৰ দীঘলীয়া আৰু ৰক্তাক্ত ইতিহাসৰেই এক নতুন‌ আৰু বিপজ্জনক অধ্যায়। ডোনাল্ড ট্ৰাম্পৰ শাসনকালত মাৰ্কিন সাম্ৰাজ্যবাদে তথাকথিত উদাৰ-গণতান্ত্ৰিক মুখাখন সম্পূৰ্ণৰূপে আঁতৰাই এক অহংকাৰী, আক্রমণাত্মক আৰু ফেচিবাদী চৰিত্ৰ উদঙাই দিছে। আন্তঃৰাষ্ট্ৰীয় আইন, ৰাষ্ট্ৰসংঘৰ চনদ আৰু সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ সমানাধিকাৰৰ প্ৰতি নিৰ্লজ্জ অৱজ্ঞা এতিয়া মাৰ্কিন নীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই বক্তব্য স্বনামধন্য চিন্তাবিদ-বুদ্ধিজীৱী ড°হীৰেন গোহাঁইৰ। আজি ৬ জানুৱাৰীৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ৰাজ্যৰ চাৰিটা বাঁও দল — চিপিআই(এম), চিপিআই, চিপিআই(এম-এল) আৰু ফৰৱাৰ্ড ব্লকৰ উদ্যোগত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়।

ভেনিজুৱেলাত আমেৰিকান সাম্ৰাজ্যবাদৰ আক্ৰমণ তথা লেটিন আমেৰিকাৰ দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নীক ট্ৰাম্প প্ৰশাসনে কেতবোৰ মিছা আৰু মনেসজা অভিযোগৰ ভিত্তিত ‘গ্ৰেপ্তাৰ’ (প্ৰকৃতাৰ্থত অপহৰণ) কৰি লৈ যোৱাৰ প্ৰতিবাদত এই বিক্ষোভৰ আয়োজন কৰা হয়। গুৱাহাটী-পানবজাৰ এলেকাৰ মেঘদূত ভৱনৰ কাষত আয়োজন কৰা এই বিক্ষোভত প্ৰতিবাদকাৰীসকলৰ সন্মুখত ভাষণ দি ড°হীৰেন গোহাঁইয়ে জনতাৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ উদ্ধৃতি দি কয় যে, জ্যোতিপ্ৰসাদে তাহানিতে পুঁজিবাদী ব্যৱস্থাৰ কুৎসিত ৰূপটো আৰু ইয়াৰ বিধ্বংসী অভিযান সম্পৰ্কে সজাগ কৰিছিল। এতিয়া আমেৰিকান সাম্ৰাজ্যবাদৰ প্ৰতিভূ তথা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কৰ্মকাণ্ডই বিশ্ব পুঁজিবাদৰ নিষ্ঠুৰতম চৰিত্ৰ প্ৰকাশ কৰিছে। ড°গোহাঁইয়ে ভাষণ প্ৰসংগত কয় যে, ভেনিজুৱেলাৰ বিশাল তৈল সম্পদ আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰাজি লুণ্ঠনৰ স্বাৰ্থতে ট্ৰাম্পে গুণ্ডাৰ দৰে আচৰণ কৰি স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰখনৰ জনগণৰ দ্বাৰা নিৰ্বাচিত মূৰব্বী গৰাকীক অপহৰণ কৰি নিছে আৰু জনসাধাণৰ ওপৰত বোমা-বাৰুদেৰে আক্ৰমণ চলাইছে। বিশ্বৰ প্ৰান্তে প্ৰান্তে ইয়াৰ প্ৰতিবাদ হৈছে আৰু এনে প্ৰতিবাদ হ’বই লাগিব বুলি ড°গোহাঁইয়ে কয়।

চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে যৌথ প্ৰতিবাদ সভাখনৰ আঁত ধৰি ভাষণ প্ৰসংগত কয় যে ভেনিজুৱেলা আৰু তাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ বিৰুদ্ধে একপক্ষীয় তথা মনেসজা অভিযোগ, ব্যাপক অৰ্থনৈতিক নিষেধাজ্ঞা, বিদেশত ৰখা ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় সম্পত্তি বাজেয়াপ্ত আৰু সীমান্ত-উলংঘা হ’ল বলপ্ৰয়োগৰ নিকৃষ্ট উদাহৰণ। এই সকলোবোৰ হ’ল আন্তৰ্জাতিক আইন-কানুন, ৰাষ্ট্ৰসংঘৰ চনদৰ মৌলিক নীতিসমূহৰ চূড়ান্ত উলংঘন। এইবোৰ ন্যায় বিচাৰৰ পথ হ’ব নোৱাৰে, বৰং সাম্ৰাজ্যবাদী আধিপত্য জাপি দিয়াৰহে অস্ত্ৰ বুলি তালুকদাৰে কয়। চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক গৰাকীয়ে লগতে কয় যে ভেনিজুৱেলাত সাম্ৰাজ্যবাদৰ এই বৰ্বৰ আগ্ৰাসনৰ পাছতো এনে ঘটনা ভাৰত চৰকাৰে কঠোৰভাৱে নিন্দা আৰু প্ৰতিবাদ নকৰাকৈ নিৰ্বিকাৰ হৈ বহি থকাটো খুবেই ধিক্কাৰজনক।

বিক্ষোভ স্থলীত চিপিআই(এম-এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস, চিপিআইৰ ৰাজ্যিক নেত্ৰী অসমী গগৈ, ফৰৱাৰ্ড ব্লকৰ নেতা তপন দেৱনাথ, ‘কা’-বিৰোধী সমন্বয় সমিতিৰ মুখ্য আহ্বায়ক দেবেন তামুলী আৰু চিপিআই(এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচ‌্ফাকুৰ ৰহমানে বক্তব্য দাঙি ধৰি মাৰ্কিন সাম্ৰাজ্যবাদৰ শোষণ-লুণ্ঠন আৰু বৰ্বৰতাৰ বিৰুদ্ধে সোচ্চাৰ হ’বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। বক্তাসকলে লেটিন আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বত প্ৰভুত্ব স্থাপনৰ বাবে ট্ৰাম্প প্ৰশাসনৰ অত্যাচাৰ-ব্যভিচাৰক তীব্ৰ নিন্দা কৰাৰ লগতে মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ বৈদেশিক নীতিকো কঠোৰ ভাষাত সমালোচনা কৰে। তেওঁলোকে কয়, মোদী চৰকাৰে ভাৰতৰ স্বাধীন আৰু গোষ্ঠীনিৰপেক্ষ বৈদেশিক নীতি জলাঞ্জলি দি আমেৰিকান প্ৰশাসনৰ ওচৰত আঁঠু লৈছে আৰু সেয়ে ভেনিজুৱেলা সন্দৰ্ভত মাত মাতিবলৈ সাহস কৰা নাই। আজিৰ বিক্ষোভ কাৰ্যসূচীত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা শিক্ষাবিদ ড° সীতানাথ লহকৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, চিপিআই(এম)ৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়েও  অংশগ্ৰহণ কৰে।

আজি নগাঁও, যোৰহাট, শিৱসাগৰ, ধেমাজি, গোৱালপাৰা, কৰিমগঞ্জ, ৰঙিয়া আদি ৰাজ্যৰ বিভিন্ন ঠাইত ভেনিজুৱেলাত মাৰ্কিন আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠিত হয়।