NORTHEAST NOW (Assamese)
অসম

গুজৰাটত ১৫ বছৰীয়া কিশোৰীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, গ্ৰেপ্তাৰ ৮ অভিযুক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2026 12:53 pm

গুজৰাটত এগৰাকী ১৫ বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৮ জন লোকৰ বিৰুদ্ধে। ইয়াৰে তিনিজন অভিযুক্ত নাবালিকাগৰাকীৰ চিনাকি আছিল। ইতিমধ্যে আটাইকেইজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে নিশা প্ৰায় ১০ বজাত নাবালিকাগৰাকীয়ে ঘৰৰ পৰা ওলাই আহিছিল। সেই সময়ত তিনিজন লোকে বলপূৰ্বকভাৱে বাইকত উঠাই ঘৰৰ ওচৰৰে নদীৰ মথাউৰিলৈ লৈ যায়।

তিনিজনৰ ভিতৰত এজনে ফোন কৰি বাকীসকলক মাতি অনাৰ অভিযোগ। ইয়াৰ পিছত আঠজন লোকে নাবালিকাগৰাকীক ধৰ্ষণ কৰে। ইয়াৰ পিছত ছোৱালীজনীক তাতেই এৰি থৈ যায়। কিছু সময়ৰ পাছত নাবালিকাগৰাকী কেনেবাকৈ খোজকাঢ়ি ঘৰলৈ আহে।

আৰক্ষীৰ জেৰাৰ সময়ত নাবালিকাগৰাকীয়ে কয় যে মটৰবাইকত লৈ যোৱা তিনিজন লোক তেওঁৰ চিনাকি আৰু বন্ধু। আৰক্ষীয়ে এই তিনিজন লোকক গ্ৰেপ্তাৰ কৰি বাকী পাঁচজনৰ নামো তেওঁলোকৰ পৰা জানিব পাৰে।

ইতিমধ্যে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে নাবালিকাগৰাকীৰ পৰিয়ালে।