NORTHEAST NOW (Assamese)
Popular Stories

শীতকালত শৰীৰ গৰম ৰখাৰ মহৌষধ এইসমূহ খাদ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 12, 2026 6:55 am

দেশৰ বহু ঠাইত বৰ্তমান তাপমাত্ৰা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। শীত বৃদ্ধি পোৱাৰ লগে লগে চৰ্দি-কাহ, ফ্লু, গাঁঠিৰ বিষ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা আদি সমস্যাই দেখা দিয়ে। এনে পৰিস্থিতিত সুস্থ হৈ থকাটো এক প্ৰত্যাহ্বান হ’ব পাৰে। শৰীৰক ভিতৰৰ পৰা উষ্ণ কৰি ৰাখিবলৈ আৰু ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিবলৈ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো অতি প্ৰয়োজনীয়।

আয়ুৰ্বেদ আৰু ভাৰতীয় খাদ্য সংস্কৃতিত এনে বহু খাদ্য আছে যিবোৰে শৰীৰক গৰম কৰি ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সঠিক সময়ত উপযুক্ত খাদ্য গ্ৰহণ কৰিলে শীতকালত সুস্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰি।

পুষ্টিবিদ ডাঃ বিধি চাওলাইৰ মতে, শীতকালত তিল, গুড়, বাদাম, বাজৰা, ৰাগী, ঘিউ আৰু আদা আদি খাদ্য অতি উপকাৰী। তিল আৰু গুড়ে শৰীৰত প্ৰাকৃতিক উষ্ণতা বজাই ৰাখে আৰু হাড় মজবুত কৰে। আনহাতে বাদাম, বাজৰা আৰু ৰাগীয়ে শৰীৰক প্ৰচুৰ শক্তি যোগায়, কেলচিয়ামৰ অভাৱ দূৰ কৰে আৰু ঠাণ্ডাত হ’ব পৰা শাৰীৰিক দুৰ্বলতা ৰোধ কৰে।

দেশী ঘিউৱে গাঁঠিৰ বিষ আৰু ছাল শুকান হোৱা সমস্যাৰ পৰা উপশম দিয়ে। আদা আৰু নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, প্ৰদাহ কমায় আৰু চৰ্দি-সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে। এই খাদ্যসমূহ নিয়মিতভাৱে সেৱন কৰিলে শৰীৰটো ভিতৰৰ পৰা শক্তিশালী আৰু সুস্থ থাকে।

শীতকালত কি পৰিহাৰ কৰিব?

শীতকালত অত্যন্ত ঠাণ্ডা আৰু প্ৰচেছড (Processed) খাদ্য পৰিহাৰ কৰা উচিত। আইচক্ৰীম, ঠাণ্ডা পানীয় বা ফ্ৰীজৰ পানীয়ে শৰীৰৰ স্বাভাৱিক উত্তাপ হ্ৰাস কৰে। অত্যধিক ভজা খাদ্য আৰু জাংক ফুডে পাচন শক্তি দুৰ্বল কৰি গেছ তথা এচিডিটিৰ সৃষ্টি কৰিব পাৰে। বেছিকৈ মিঠা বস্তু খালে ওজন বৃদ্ধি পোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও কমে। আনকি অত্যধিক পৰিমাণে কেঁচা শাক-পাচলি সেৱনেও পাচনতন্ত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বিশেষজ্ঞৰ পৰামৰ্শ:

বিশেষজ্ঞসকলে শীতকালত কিছুমান সহজ অভ্যাস মানি চলিবলৈ পৰামৰ্শ দিয়ে—

সদায় কুহুমীয়া পানী পান কৰক।

দৈনিক কিছু সময় ৰ’দত কটাওক (ভিটামিন-ডি ৰ বাবে)।

নিয়মীয়াকৈ লঘু ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম কৰক।

পৰ্যাপ্ত নিদ্ৰা গ্ৰহণ কৰক।

ঋতু অনুসৰি উপলব্ধ ফল-মূল আৰু শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

শৰীৰটো উষ্ণ কৰি ৰাখিবলৈ উপযুক্ত গৰম পোছাক ব্যৱহাৰ কৰক।

এই সৰু সৰু অভ্যাস আৰু সঠিক খাদ্যাভ্যাসে আপোনাক শীতকালত ভিতৰৰ পৰা উষ্ণ, শক্তিশালী আৰু নিৰোগী কৰি ৰাখিব।