NORTHEAST NOW (Assamese)
Popular Stories

কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 18, 2026 12:48 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত আছে। আজি তেওঁৰ ভ্ৰমণৰ দ্বিতীয়টো দিনত কাজিৰঙাৰ বহু প্ৰত্যাশিত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীৰ বাবে কেইবা হাজাৰ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ উপহাৰ আগবঢ়ায়। মৌচন্দা পথাৰত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়। তাৰ পিছতে তেওঁ প্ৰস্তাৱিত এলিভেটেড কৰিডৰৰ মডেলটো পৰ্যবেক্ষণ কৰে আৰু আনুষ্ঠানিকভাৱে ইয়াৰ শিলান্যাস কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ হবলগীয়া এই এলিভেটেড কৰিডৰটোৰ বাবে প্ৰায় ৬,৯৫৭ কোটি টকা ব্যয় কৰা হ’ব। এই প্ৰকল্পটোৱে ৩৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪-লেন যুক্ত পথ সামৰি ল’ব। ইয়াৰ ফলত বিশেষকৈ বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীসমূহৰ সুৰক্ষা নিশ্চিত হ’ব, কাৰণ তেওঁলোকে কোনো বিপদ নোহোৱাকৈয়ে ৰাস্তাৰ তলৰ অংশৰে কাৰ্বি আংলং পাহাৰলৈ যাতায়াত কৰিব পাৰিব। এই বিশেষ প্ৰকল্পটোৱে অঞ্চলটোৰ পৰ্যটনৰ লগতে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে অসমলৈ আহি তেওঁ সদায় এক বিশেষ আনন্দ লাভ কৰে আৰু এই ভূমি বীৰৰ ভূমি। দুবছৰ পূৰ্বে কাজিৰঙাত কটোৱা সময়বোৰৰ কথা সোঁৱৰণ কৰি তেওঁ কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈশ যাপন কৰা আৰু পুৱা হাতী ছাফাৰী কৰা অভিজ্ঞতা তেওঁৰ জীৱনৰ এক বিশেষ স্মৃতি হৈ ৰৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণৰ মাজতে শনিবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১০ হাজাৰো অধিক শিল্পীৰ বাগুৰুম্বা নৃত্যৰো ভূয়সী প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে বড়ো জনজাতিৰ যুৱতীসকলে সৃষ্টি কৰা এই অভিলেখৰ বাবে সকলো নৃত্যশিল্পী আৰু চিফুং বাদকক অভিনন্দন জনায়। তেওঁ বিশেষকৈ উল্লেখ কৰে যে অসমৰ শিল্পীসকলে যি আচৰিত প্ৰদৰ্শন আগবঢ়ালে, সেয়া সমগ্ৰ দেশবাসীৰ বাবে গৌৰৱৰ বিষয়। ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক এই কাৰ্যসূচী সুন্দৰকৈ প্ৰচাৰ কৰাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। অসমৰ কলা-সংস্কৃতি আৰু উন্নয়নক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ ক্ষেত্ৰত এই পদক্ষেপবোৰে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।