NORTHEAST NOW (Assamese)
অসম

ডিমৌত আঞ্চলিক কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ, প্ৰথম কাৰ্যনিৰ্বাহক বৈঠক

Posted by: এন ই নাও নিউজ June 16, 2018 9:05 pm

আজি ডিমৌ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নৱগঠিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আৰু প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়।

ডিমৌৰ আলুন নগৰত অৱস্থিত এৰী সঁচ উৎপাদন পামত  অনুষ্ঠিত সভাখনিত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে প্ৰমোদ গোস্বামীয়ে। শপত গ্ৰহণ অনুষ্ঠানটিত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি তথা শিৱসাগৰ জিলাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা কৰ্মচাৰী পৰিষদৰ সভাপতি ফুলেশ্বৰ সন্দিকৈ, ডিমৌ আৰক্ষী থানাৰ পৰিদৰ্শক সঞ্জীৱ বৰুৱা, ডিমৌ এড়ী সঁচ পামৰ পৰিচালিকা পিংকী শইকীয়া, শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি দীনেশ কোঁৱৰ উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

ইয়াৰ পাছতে সভাৰ উদ্দেশ্য অনুসৰি নৱগঠিত পৰিষদখনিৰ আইন উপদেষ্টা আনন্দ ভৰলুৱাই পৰিষদৰ সদস্য-সদস্যাসকলক শপতবাক্য পাঠ কৰোৱায়।

 ইয়াৰ পিছতেই নৱগঠিত ডিমৌ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সভাপতি ৰঞ্জন বৰবৰুৱাৰ সভাপতিত্বত প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। বৈঠকত অহা ২৩ জুনত অনুষ্ঠিত হ’বলগীয়া শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ মধ্যকালিন বাৰ্ষিক অধিৱেশনলৈ প্ৰতিনিধি হিচাপে নৱগঠিত সমিতিৰ সভাপতি ৰঞ্জন বৰবৰুৱা, সম্পাদক শেখৰজ্যোতি দুৱৰীকে ধৰি মুঠ আঠজন সদস্য নিৰ্বাচিত কৰে।

সভাই  অনাগত সময়ত পৰিষদখনৰ সৈতে ৰাইজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে সকলোৰে সহযোগিতা কামনা কৰি শেষত পৰিষদৰ সাংগঠনিক ভেটি সৱল কৰাৰ ক্ষেত্ৰত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে।