সাৱধান! অতিমাত্ৰা প্ৰটিন সেৱনে মাতিব পাৰে বিপদ: বৃক্ক বিকল হোৱাৰ লগতে হ’ব পাৰে হৃদৰোগ

বৰ্তমান সময়ত শাৰীৰিক গঠন আৰু স্বাস্থ্যৰ প্ৰতি অত্যধিক সচেতনসকলৰ মাজত ‘অধিক প্ৰটিনযুক্ত খাদ্য’ এক বিশেষ ট্ৰেণ্ডত পৰিণত হৈছে। জিমলৈ যোৱা যুৱক-যুৱতীয়েই হওক বা ওজন কমাব বিচৰা লোকসকল— সকলোৰে এতিয়া প্ৰথম পছন্দ প্ৰটিন। ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ আৰু বিভিন্ন চাপ্লিমেণ্ট কোম্পানীৰ প্ৰচাৰৰ বাবে সাধাৰণতে ধাৰণা কৰা হয় যে অধিক প্ৰটিন মানেই অধিক শক্তি আৰু সুন্দৰ শৰীৰ। কিন্তু সঁচাকৈয়ে অধিক প্ৰটিন শৰীৰৰ বাবে সদায় মংগলজনকনে? শেহতীয়া এক গৱেষণা আৰু বিশেষজ্ঞৰ মতামতত পোহৰলৈ আহিছে ইয়াৰ ভয়াবহ দিশসমূহ।
প্ৰটিনৰ প্ৰয়োজনীয়তা আৰু অন্ধ অনুকৰণ:
পেশী গঠন, কলা মেৰামতি, হৰম’ন উৎপাদন আৰু শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে প্ৰটিন অপৰিহাৰ্য। কিন্তু বৰ্তমান সময়ত বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে কেৱল প্ৰটিনৰ ওপৰত নিৰ্ভৰ কৰাটোৱে হিতে বিপৰীত কৰিব পাৰে। দিল্লীৰ গংগা ৰাম হাস্পতালৰ জ্যেষ্ঠ খাদ্য বিশেষজ্ঞ ফাৰেহা শানামে এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। তেওঁৰ মতে, শৰীৰক কেৱল প্ৰটিন নহয়, কাৰ্বহাইড্ৰেট, চৰ্বি, ভিটামিন আৰু ফাইবাৰযুক্ত এক সুষম আহাৰৰহে প্ৰয়োজন।
অত্যধিক প্ৰটিন সেৱনৰ ৪ টা ভয়াবহ বিপদ:
খাদ্য বিশেষজ্ঞসকলৰ মতে, প্ৰয়োজনতকৈ অধিক প্ৰটিন গ্ৰহণ কৰিলে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে:
১/ বৃক্কৰ ওপৰত অতিৰিক্ত চাপ: প্ৰটিন ভাঙিলে শৰীৰত ইউৰিয়া আৰু নাইট্ৰজেনযুক্ত আৱৰ্জনা সৃষ্টি হয়। এইসমূহ বৃক্কই (Kidney) ফিল্টাৰ কৰি বাহিৰ কৰি দিয়ে। কিন্তু প্ৰটিনৰ পৰিমাণ বাঢ়িলে বৃক্কই অতিৰিক্ত কাম কৰিবলগীয়া হয়, যাৰ ফলত বৃক্ক বিকল হোৱাৰ সম্ভাৱনা থাকে। আনকি ই ডায়েলাইছিছৰ পৰ্যায়লৈকে লৈ যাব পাৰে।
২/ ডিহাইড্ৰেচন বা জলহীনতা: প্ৰটিনৰ আৱৰ্জনা আঁতৰাবলৈ শৰীৰক অধিক পানীৰ প্ৰয়োজন হয়। ইয়াৰ ফলত সঘনাই প্ৰস্ৰাৱ হোৱা আৰু শৰীৰত পানীৰ অভাৱ ঘটি ভাগৰুৱা অনুভৱ কৰা, মূৰৰ বিষ হোৱা আদি সমস্যাই দেখা দিয়ে।
৩/ হাড় দুৰ্বল হোৱা (কেলচিয়াম ক্ষয়): অতিৰিক্ত প্ৰটিন সেৱনে শৰীৰত এচিডৰ বোজা বৃদ্ধি কৰে। এই এচিডৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ শৰীৰে হাড়ৰ পৰা কেলচিয়াম টানি আনে। ফলত হাড়বোৰ ঠুনুকা হৈ পৰে আৰু ভৱিষ্যতে ‘অষ্টিঅ’পৰ’ছিছ’ৰ দৰে ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।
৪/ হৃদৰোগৰ আশংকা: বিশেষজ্ঞৰ মতে, সুষম খাদ্যৰ সলনি কেৱল উচ্চ প্ৰটিন সেৱন কৰিলে ধমনী বা স্নায়ু বন্ধ হৈ পৰিব পাৰে, যাৰ ফলত হাৰ্ট এটেকৰ দৰে ঘটনা ঘটিব পাৰে।
দিনটোত আপোনাক কিমান প্ৰটিনৰ প্ৰয়োজন?
ডায়েটিচিয়ান ফাৰেহা শানামৰ মতে, এজন ব্যক্তিৰ প্ৰটিনৰ প্ৰয়োজনীয়তা তেওঁৰ ওজন আৰু শাৰীৰিক পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে।
সাধাৰণ ব্যক্তিৰ বাবে: শৰীৰৰ প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে ০.৮ গ্ৰাম প্ৰটিন। (যেনে: যদি ওজন ৬০ কেজি, তেন্তে দিনটোত ৪৮ গ্ৰাম প্ৰটিন পৰ্যাপ্ত)।
কঠোৰ পৰিশ্ৰমী বা খেলুৱৈৰ বাবে: যিসকলে গধুৰ ওজন উত্তোলন কৰে বা ৰিক্সা চলোৱাৰ দৰে কঠোৰ শাৰীৰিক শ্ৰম কৰে, তেওঁলোকৰ বাবে এই মাত্ৰা কিছু অধিক হ’ব পাৰে।
স্বাস্থ্যৱান হৈ থাকিবলৈ কেৱল প্ৰটিনৰ পিছত দৌৰাতকৈ বিশেষজ্ঞৰ পৰামৰ্শ লৈ এক সুষম খাদ্য তালিকা (Balanced Diet) অনুসৰণ কৰাটোহে বুদ্ধিমানৰ কাম।