NORTHEAST NOW (Assamese)
অসম

ডকমকা কাণ্ড : গুৱাহাটীত সচেতন শিল্পী সমাজৰ শান্তি সভা; দোষীক কঠোৰ শাস্তিৰ দাবী

Posted by: অনিৰ্বাণ পাঠক June 17, 2018 9:59 pm
Actor Rajib Kro delivering speech during the protest against Killing two youth and demand immediate punishment the culprit organised by Sateton Shilpi Samaj, Asom at Chandmari Field in Guwahati on 17-06-18. Pix BY UB Photos

নীলোৎপল-অভিজিত হত্যাৰ দোষীক আইনে উপযুক্ত শাস্তি প্ৰদান কৰিব নোৱাৰিলে ন্যায় ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা হেৰাই যাব বুলি আজি ১৭ জুনত মত প্ৰকাশ কৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই।

সচেতন শিল্পী সমাজ, অসমৰ উদ্যোগত জুবিন গাৰ্গৰ আহ্বানত গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজিত শান্তি সভাত দত্তই এই মন্তব্য কৰে।

চাৰ্জশ্বীট দাখিলত খুঁট ৰখাৰ ফলত কোনো অপৰাধীয়ে যাতে আইনৰ সুৰুঙাৰে সাৰিব নোৱাৰাটো আৰু সাক্ষীসকলৰ নিৰাপত্তা ‘নিশ্চিত’ কৰিবলৈও দত্তই অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক দাবী জনায়।

আনহাতে অপৰাধী যি জাতি বা ধৰ্মৰেই নহ’লেও কঠোৰ শাস্তি দিয়াৰ বাবে আহ্বান জনাই অভিনেতা ৰাজীৱ ক্ৰ’ই এই ঘটনাৰ লগত এটা জনগোষ্ঠীক সাঙুৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়ে।

ইয়াৰ উপৰিও ডকমকাৰ ঘটনাথলীত দুই নিহত যুৱকৰ মূৰ্তি নিৰ্মাণ আৰু কান্ঠিলাংচ’ জলপ্ৰপাতটো নীলোৎপল-অভিজিতৰ নামেৰে জনাজাত কৰাতকৈ তাত অনগ্ৰসৰ লোকসকলে শিক্ষাৰ পোহৰ লাভ কৰিব পৰাকৈ এখন বিদ্যালয় স্থাপন কৰাৰ পৰামৰ্শ দিয়ে। তাৰোপৰি কাৰ্বি ভাষাত ‘কান্ঠিলাংচ’’ শব্দৰ অৰ্থ ‘সৰু পবিত্ৰ নিজৰাৰ পানী’ বুলি উল্লেখ কৰি অভিনেতাজনে কয় যে হঠাৎ সেই নাম সলাই দিলে সেই অঞ্চলৰ স্থানীয় লোকসকলৰ আৱেগক আঘাট কৰা হ’ব।

নীলোৎপল-অভিজিতক হত্যা কৰা ৮ জুন দিনটো ‘অন্ধবিশ্বাসবিৰোধী দিৱস’ হিচাপে পালনৰ বাবেও তেওঁ দাবী জনায়।

শান্তি সভাখনৰ আৰম্ভণিতে নীলোৎপল-অভিজিৎ আৰু ২০১৩ চনত ডিফুত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ঝংকাৰ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পী সূৰ্য্য দাসৰ লগতে উপস্থিত লোকসকলে।

গা বেয়া হোৱা বাবে সভাখনৰ মুখ্য আহ্বায়ক জুবিন গাৰ্গে অনুষ্ঠানটোত ভাগ ল’ব নোৱাৰিলেও মালৱিকা বৰা, সন্ধ্যা মেনন, অনুপম শইকীয়াকে ধৰি বহুকেইগৰাকী শিল্পী-কলাকুশলী অনুষ্ঠানটোত উপস্থিত থাকে।

এই নৃশংস কাণ্ডৰ ন্যায় বিচাৰি উদ্যোক্তাসকলে এক স্বাক্ষৰ সংগ্ৰহ কাৰ্য্যসূচীও হাতত লোৱাৰ কথাও আজিৰ সভাতে ঘোষণা কৰে।