NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত নৈমিত্তিক পথ দুৰ্ঘটনা : বিশ্বনাথত নিহত সাংবাদিক; প্ৰে’ছ ক্লাব-সহকৰ্মীৰ শোক প্ৰকাশ

Posted by: কাজি জেইদুল ইছলাম June 17, 2018 10:12 pm

১৬ জুনৰ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বিশ্বনাথ চতিয়াৰ উদীয়মান সাংবাদিক কাব্য হাজৰিকাৰ মৃত্যুত বিশ্বনাথ প্ৰেছ ক্লাব আৰু বিশ্বনাথ জিলা সাংবাদিক সন্থাই শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

নামেৰিৰপৰা ঘৰ অভিমুখে আহি থাকোতে একে দিশৰপৰা অহা এখন বলেৰ’ পিকআপ ভানে পিচফালৰ পৰা খুন্দা মৰাত গুৰুতৰভাৱে আহত হোৱা সাংবাদিকগৰাকীক লগে লগে বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ অনাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু গুৱাহাটীলৈ নি থকা অৱস্থাতে তেওঁ মৃত্যুক সাৱটি লয়।

বিশ্বনাথ প্ৰেছ ক্লাব কাৰ্য্যালয়ত বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ কাৰ্য্যকৰী সভাপতি নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰতন ভূঞাই আঁত ধৰা সভাখনত প্ৰেছ ক্লাবৰ সম্পাদক বসন্ত বৰা, ভাস্কৰজ্যোতি বৰা, পুলক হাজৰিকা, জয়ন্ত বৰুৱা, হিৰণ্য বৰঠাকুৰ, জগতাৰ সিং, বেদদীপ উপাধ্যায়, আমিৰ খান, কাজি জেইদুল  ইচলাম, ভৰত দাস আদিকে ধৰি সকলো সদস্যই অংশ গ্ৰহণ কৰে।