NORTHEAST NOW (Assamese)
দেশ

অজিত পাৱাৰৰ উত্তৰাধিকাৰ ৰক্ষাৰ সংকল্পৰে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’লে সুনেত্ৰা পাৱাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2026 11:34 am

মহাৰাষ্ট্ৰৰ নতুন উপ-মুখ্যমন্ত্রী সুনেত্ৰা পাৱাৰে মঙ্গলবাৰে ৰাজ্যিক সচিবালয়ত আনুষ্ঠানিকভাৱে নিজৰ মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰে। স্বামী তথা প্ৰাক্তন উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ ১৩ দিনৰ পাছত তেওঁ প্ৰথমবাৰৰ বাবে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰে। দিনটোৰ আৰম্ভণিতে পুনেৰ পৰা মুম্বাইলৈ আহি সুনেত্ৰা পাৱাৰে প্ৰথমে সিদ্ধিবিনায়ক মন্দিৰত প্ৰাৰ্থনা কৰে আৰু তাৰ পাছত দাদৰৰ চৈত্যভূমিত ড০ বি আৰ আম্বেদকাৰৰ স্মৃতিসৌধত শ্ৰদ্ধা নিবেদন কৰে। নিজৰ বৰ পুত্ৰ পাৰ্থ পাৱাৰক লগত লৈ তেওঁ এনচিপি কাৰ্যালয়লৈ যায় আৰু তাত দলীয় বিধায়ক তথা মন্ত্ৰীসকলক সাক্ষাৎ কৰি মন্ত্ৰালয়লৈ ৰাওনা হয়।

এনচিপিৰ জ্যেষ্ঠ নেতা প্রফুল পেটেল, সুনীল তটকাৰে, ছগন ভূজবল আৰু ধনঞ্জয় মুণ্ডেই সুনেত্ৰা পাৱাৰক মন্ত্ৰালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ আগবঢ়াই নিয়ে। ইয়াৰ পাছত তেওঁ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিছৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত উপস্থিত থাকে। দায়িত্ব গ্ৰহণৰ পাছত সুনেত্ৰা পাৱাৰে ছচিয়েল মিডিয়াৰ জৰিয়তে জনায় যে তেওঁ এই নতুন দায়িত্ব গভীৰ আস্থা, কৰ্তব্যবোধ আৰু ত্যাগৰ মনোভাৱেৰে আৰম্ভ কৰিছে। মহাৰাষ্ট্ৰৰ উন্নয়নৰ বাবে অজিত পাৱাৰৰ আজীৱন সংকল্প আৰু জনসাধাৰণৰ বাবে তেওঁ কৰা নিৰলস পৰিশ্ৰমে সুনেত্ৰাক সদায় পথ দেখুৱাব বুলি তেওঁ উল্লেখ কৰে।

যোৱা ৩১ ডিচেম্বৰত পুনে জিলাত সংঘটিত বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যু হোৱাৰ তিনিদিনৰ পাছত সুনেত্ৰা পাৱাৰে শপত গ্ৰহণ কৰিছিল। তেওঁক ৰাজ্যিক আবকাৰী শুল্ক, ক্ৰীড়া আৰু যুৱ কল্যাণ তথা সংখ্যালঘু উন্নয়ন আৰু ৱাকফ বিভাগৰ দায়িত্ব দিয়া হৈছে। বিত্ত বিভাগৰ বাহিৰে এই সকলোবোৰ দপ্তৰ পূৰ্বে অজিত পাৱাৰৰ হাততেই আছিল। সুনেত্ৰাই কয় যে অজিত পাৱাৰৰ কাম কৰাৰ শৈলী, সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু মানুহৰ সৈতে থকা তেওঁৰ নিবিড় সম্পৰ্কৰ পৰাই তেওঁ কাম কৰিবলৈ শক্তি লাভ কৰিব। কৃষক, মহিলা, যুৱক আৰু সাধাৰণ ৰাইজৰ প্ৰত্যাশা পূৰণ কৰাৰ লগতে অজিত পাৱাৰৰ আধৰুৱা স্বপ্ন বাস্তৱায়িত কৰাটোৱেই তেওঁৰ অগ্ৰাধিকাৰ হ’ব।

সুনেত্ৰা পাৱাৰে স্পষ্টকৈ কয় যে অজিত পাৱাৰৰ স্থান কোনেও ল’ব নোৱাৰে যদিও তেওঁৰ উত্তৰাধিকাৰ ৰক্ষা কৰি এখন শক্তিশালী আৰু সক্ষম মহাৰাষ্ট্ৰ গঢ়ি তুলিবলৈ তেওঁ আন্তৰিক চেষ্টা কৰিব। এই কঠিন সময়ত জনসাধাৰণৰ মৰম আৰু সমৰ্থনেই তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি বুলি তেওঁ অভিহিত কৰে। ইফালে এনচিপি (এছপি) বিধায়ক তথা ভতিজাক ৰোহিত পাৱাৰে এই সন্দৰ্ভত মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁৰ মতে অজিত পাৱাৰৰ অনুপস্থিতি এক ব্যক্তিগত শোকৰ বিষয় যদিও সুনেত্ৰাই দায়িত্ব লোৱাটো এক সকাহৰ খবৰ। ৰোহিতে আশা প্ৰকাশ কৰে যে ছত্রপতি শিৱাজী মহাৰাজ, মহাত্মা ফুলে আৰু ড০ আম্বেদকাৰৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সুনেত্ৰা পাৱাৰে সাধাৰণ মানুহৰ উন্নয়নৰ বাবে কাম কৰিব। ইয়াৰ লগতে ৰোহিতে দাবী কৰে যে সমগ্ৰ মহাৰাষ্ট্ৰৰ দলীয় কৰ্মীসকলে বিচাৰে যে সুনেত্ৰাই অতি সোনকালে দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্বও গ্ৰহণ কৰক।