NORTHEAST NOW (Assamese)
Popular Stories

অসুস্থ সোণম ৱাংচুকৰ মুক্তি এতিয়াই সম্ভৱ নহয়- উচ্চতম ন্যায়ালয়ক জনালে মোদী চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 12, 2026 8:51 am

সোণম ৱাংচুকৰ মুক্তি এতিয়াই সম্ভৱ নহয় বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক স্পষ্টকৈ জনাইছে। লাডাখৰ সমাজকৰ্মী তথা মেগছেছে বঁটা বিজয়ী গৱেষকগৰাকী বৰ্তমান ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাগাৰত বন্দী হৈ আছে। উচ্চতম ন্যায়ালয়ত চলি থকা শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক অৱগত কৰে যে ৱাংচুকক এতিয়াই মুকলি কৰি দিব পৰা নাযাব। যদিও তেওঁৰ অসুস্থতাৰ দোহাই দি মুক্তিৰ দাবী উত্থাপন হৈছিল, চৰকাৰে সেই দাবী মানি লবলৈ অস্বীকাৰ কৰিছে।

বিচাৰপীঠৰ ন্যায়াধীশসকলে সোণম ৱাংচুকৰ শাৰীৰিক অৱস্থাৰ কথা বিবেচনা কৰি তেওঁক মুকলি কৰাৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবলৈ চৰকাৰক কৈছিল। ইয়াৰ প্ৰত্যুত্তৰত ছলিচিটৰ জেনেৰেলে জনাইছে যে নিয়ম অনুসৰি তেওঁৰ ২৪টাকৈ শাৰীৰিক পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ। পূৰ্বে তেওঁৰ পাচনতন্ত্ৰৰ সমস্যা আৰু সংক্ৰমণজনিত কিছু অসুবিধা আছিল যদিও এতিয়া সেইবোৰ নিৰাময় হৈছে। চৰকাৰৰ মতে তেওঁ এইমছত চিকিৎসাধীন হৈ আছে আৰু সামান্য অসুস্থতাৰ অজুহাতত কাৰোবাক মুকলি কৰি দিয়াটো আইনগতভাৱে সঠিক উদাহৰণ নহ’ব।

সোণম ৱাংচুক দীৰ্ঘদিন ধৰি লাডাখৰ স্বাৰ্থত বিভিন্ন দাবী উত্থাপন কৰি আন্দোলন চলাই আহিছিল। লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া, সংবিধানৰ ষষ্ঠ অনুসূচী কাৰ্যকৰী কৰা আৰু সুকীয়া লোকসেৱা আয়োগ গঠনৰ দৰে গুৰুত্বপূৰ্ণ দাবীত তেওঁ সৰৱ আছিল। তেওঁৰ মতে কেন্দ্ৰীয় চৰকাৰৰ কিছুমান সিদ্ধান্তৰ বাবে লাডাখৰ পৰিৱেশ আৰু ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। এই বিষয়বোৰক লৈয়েই যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত তেওঁৰ নেতৃত্বত এক বিশাল গণ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।

যোৱা ছেপ্টেম্বৰৰ সেই প্ৰতিবাদত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল য’ত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে বহুত লোক আহত হৈছিল। তাৰ পিছতেই আৰক্ষীয়ে ৱাংচুকক গ্ৰেপ্তাৰ কৰিছিল। প্ৰথম অৱস্থাত তেওঁক ক’ত ৰখা হৈছে সেই লৈও ৰহস্যৰ সৃষ্টি হৈছিল। তেতিয়াৰ পৰাই তেওঁ কাৰাগাৰত বন্দী হৈ আছে আৰু বৰ্তমান চৰকাৰৰ কঠোৰ স্থিতিৰ বাবে তেওঁৰ মুক্তিৰ পথ অধিক জটিল হৈ পৰিছে।