NORTHEAST NOW (Assamese)
অসম

সাহিত্য একাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট অনুবাদিকা নিৰুপমা ফুকনৰ দেহাৱসান

Posted by: অভিক চক্ৰৱতী December 15, 2017 6:33 pm
সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত ৰাজ্যখনৰ বিশিষ্ট লেখিকা তথা অনুবাদিকা নিৰুপমা ফুকনৰ কালি পুৱা ৮-৩০ বজাত ডিব্ৰুগড় জিলাৰ জ্যোতি নগৰৰ নিজ বাসগৃহত মৃত্যু হয়। বহু দিনৰ পৰা শয্যাগত ৯১ বছৰীয়া লেখিকা  গৰাকীৰ মৃত্যুত অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পৰে। ১৯২৮ চনৰ ৪ ছেপ্টম্বৰত গোলাঘাটৰ বিখ্যাত চাহ খেতিয়ক শৰত কুমাৰ শৰ্মাৰ ঘৰত জন্ম গ্ৰহণ কৰা নিৰুপমা ফুকনে মৃত্যুৰ সময়ত দুজন পুত্ৰৰ লগতে এগৰাকী জীয়ৰীক এৰি থৈ যায়। উল্লেখযোগ্য যে হিন্দী সাহিত্যৰ অনুবাদিকা হিচাপে বিশেষভাৱে খ্যাতি থকা নিৰুপমা ফুকনক মুনচি প্ৰেমচাণ্ডৰ ‘গোদান’ৰ অসমীয়া অনুবাদৰ বাবে ১৯৯৯ চনত সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল। আনহাতে লেখিকা গৰাকীৰ মৃত্যুক ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰফেচাৰ আনন্দ বৰমুদীয়ে কয় যে যোৱা চাৰি দশকজোৰা নিৰৱচ্ছিন্ন অনুবাদ কৰ্মৰ জৰিয়তে তেওঁ ৰাজ্যৰ অনুবাদ সাহিত্যলৈ প্ৰচুৰ অৱদান আগবঢ়াই গৈছে। হৰি কৃষ্ণ প্ৰেমীৰ ‘আহুতি’ নাটকৰ জৰিয়তে অনুবাদ জীৱন আৰম্ভ কৰা অনুবাদিকা গৰাকীৰ শিশু সাহিত্যৰ ক্ষেত্ৰতো বিশিষ্ট অৱদান আছিল। প্ৰতিজ্ঞা, চন্দ্ৰগুপ্ত, জীৱনিমালা আদি অনুবাদ গ্ৰন্থৰ বাবে জনাজাত ফুকনৰ কেইখনমান উল্লেখযোগ্য শিশু গ্ৰন্থ হৈছে বুলবুল আৰু বাদশ্বাহ, গীত গোৱা চৰাই, কাশ্মীৰ দেশৰ সাধু আদি। লেখিকা গৰাকীৰ জীয়ৰি কল্পনাই কয় ‘মায়ে অসমীয়া সাহিত্যত বহু অৱদান আগবঢ়াই গৈছে। হিন্দীৰ পৰা অসমীয়ালৈ বহু গ্ৰন্থ অনুবাদ কৰি  সমাদৃত হোৱা তেওঁয়েই হৈছে হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰ্ম আৰম্ভ কৰা প্ৰথমগৰাকী অসমীয়া অনুবাদিকা।’ উল্লেখযোগ্য যে নিৰুপমা ফুকনক ১৯৮৭ চনত তেওঁৰ গ্ৰন্থ ‘সুৰুজপুৰৰ সূৰ্য্য কন্যা’ৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত কৰিছিল। হিন্দীৰ পৰা অনুবাদ কৰাৰ উপৰি অনুবাদিকা গৰাকীয়ে অসমীয়াৰ পৰা হিন্দীলৈও কিছু গ্ৰন্থৰ লগতে প্ৰবন্ধ আদি অনুবাদ কৰি থৈ গৈছে।