NORTHEAST NOW (Assamese)
অসম

সন্ধানহীন হোৱাৰ ৬ দিনৰ পিছত উদ্ধাৰ কেলিফৰ্ণিয়াত অধ্যয়নৰত মেধাবী ভাৰতীয় ছাত্ৰৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2026 10:18 am

আমেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্ধানহীন হোৱা ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। নিহত ছাত্ৰজনৰ নাম ছাকেথ শ্ৰীনিবাসিয়া (২২)। তেওঁ যোৱা ৯ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল। ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় কনছুলেটে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।

এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে। তাত জনোৱা হৈছে যে স্থানীয় আৰক্ষীয়ে ছাকেথৰ মৃতদেহ উদ্ধাৰ হোৱাটো নিশ্চিত কৰিছে। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ছাত্ৰজনৰ মৃতদেহ যাতে অতি সোনকালে ভাৰতত উপস্থিত হয় তাৰ বাবে স্থানীয় প্ৰশাসনৰ সৈতে সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব।

কনছুলেটৰৰ ফালৰ পৰা পৰিয়ালটোৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত আছে আৰু তেওঁলোকক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰা হ’ব।

ছাকেথ শ্ৰীনিবাসিয়াৰ ঘৰ কৰ্ণাটকত। আই আই টি মাদ্ৰাজৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিঙত বি টেক কৰিছিল। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যায়। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ৰাসায়নিক আৰু জৈৱ আণৱিক অভিযান্ত্ৰিক বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ আছিল।

নিৰুদ্দেশ হোৱাৰ পূৰ্বে তেওঁক শেষবাৰৰ বাবে বাৰ্কলে হিলৰ লেক এংগাৰত দেখা গৈছিল। বিশ্ববিদ্যালয় চৌহদৰ সমীপৰ টিলডেন আঞ্চলিক উদ্যানৰ পৰা উদ্ধাৰ কৰে ছাকেথৰ বেগটো। তাত তেওঁৰ পাছপ’ৰ্ট আৰু লেপটপ আছিল।

এই মেধাবী ছাত্ৰজনৰ মৃত্যু কেনেকৈ হ’ল? তাক লৈ ৰহস্য বাঢ়িছে। স্থানীয় আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।