NORTHEAST NOW (Assamese)
Popular Stories

হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2026 6:55 pm

জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চলি থকা ন্যায়ৰ দাবীক লৈ এইবাৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। তেওঁ এক বিবৃতিযোগে অভিযোগ উত্থাপন কৰিছে যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ন্যায়ৰ প্রসংগত মাজে মাজে কেৱল ওফাইদাং মৰা কথা কৈ আছে। তেওঁহে ন্যায় দিব পাৰিব বুলি কৰা দাবীক লৈ ভূঞাই সন্দেহ প্ৰকাশ কৰি কয় যে অসমৰ জনতাই কিন্তু এখন বিপৰীত ছবিহে লক্ষ্য কৰি আছে।

সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুমুখীয়া স্থিতি গ্ৰহণৰ অভিযোগ তুলি কয় যে যি মুহূর্তত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ ১২০০০ বিঘা মাটিৰ প্রসংগক লৈ বিৰোধী দল ৰাজপথলৈ ওলাই আহিল, তাৰ ২৪ ঘন্টাৰ ভিতৰতেই আদালতৰ পৰা নিৰ্দেশ আহি গ’ল যে এই বিষয়ত কথা কব পৰা নাযাব। বিৰোধীৰ কন্ঠ ৰুদ্ধ কৰাৰ ক্ষেত্ৰত ন্যায় ব্যৱস্থাই বিজুলী বেগে কাম কৰা বুলি তেওঁ কটাক্ষ কৰে। কিন্তু জুবিনৰ ন্যায়ৰ প্রসংগত কি হ’ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। হিমন্ত বিশ্ব শৰ্মাই নিজেই জুবিন গাৰ্গক চিংগাপুৰত হত্যা কৰা বুলি আৰু তাৰ প্ৰমাণ হাতত থকা বুলি কৈছিল যদিও আজি পৰ্যন্ত ফলাফল কি ওলাল তাক লৈ ভূঞাই প্ৰশ্ন কৰিছে।

ভূঞাই জুবিনৰ ন্যায়িক প্ৰক্ৰিয়াত আৰম্ভণিৰে পৰাই খেলি-মেলি থকাৰ ইংগিত দিছে। ছিংগাপুৰৰ আদালতত চলি থকা ন্যায়িক প্রক্রিয়াত চৰকাৰে এটা দক্ষ ন্যায়িক দল প্রেৰণ কৰিব নোৱাৰাটো অতিশয় দুৰ্ভাগ্যজনক বুলি তেওঁ অভিহিত কৰে। তেওঁৰ মতে, ছিংগাপুৰত কেৱল জুবিনৰ পৰিয়ালেহে অকলশৰে ন্যায় বিচাৰি যুঁজ দিছে, যিটো জুবিন অনুৰাগীৰ বাবে এটা অতি দুখৰ বিষয়।

অজিত কুমাৰ ভূঞাই আৰু কয় যে জুবিনে সদায় হিন্দু-মুছলমান তথা সকলো জনগোষ্ঠীৰ মাজত একতা আৰু ভাতৃত্ব বিচাৰিছিল। কিন্তু বিজেপিৰ ৰাজনৈতিক দৰ্শনে সমাজখনক বিভাজিত কৰি ভোটবেংকৰ ৰাজনীতি কৰিব খোজে, যাৰ বাবেই বিজেপি আৰু সংঘ পৰিয়ালে আদৰ্শগতভাৱে জুবিনৰ বিপৰীত মেৰুত অৱস্থান কৰিছে। চৰকাৰে জুবিনৰ ন্যায়ৰ বিষয়টো লৈ কৰা অৱহেলাক ৰাইজে সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলিও তেওঁ সাৱধানবাণী শুনায়।

সাংসদগৰাকীয়ে ৰাইজৰ মাজত থকা এক গুৰুতৰ সন্দেহৰ কথা উল্লেখ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রীৰ চকীত বহি থকালৈকে জুবিনৰ ন্যায় আশা কৰিব নোৱাৰি বুলি বহুতে বিশ্বাস কৰিবলৈ লৈছে। নিৰ্বাচন শেষ হ’লে অভিযুক্তসকল অনায়াসে ওলাই আহিব পাৰে বুলিও ৰাইজে সন্দেহ প্রকাশ কৰিছে। সেয়েহে ন্যায়কামী জনতাক অধিক ঐক্যবদ্ধ হবলৈ আহ্বান জনাই তেওঁ কয় যে দমন-শোষণৰ বিৰুদ্ধে ৰাইজ থিয় দিলেহে জুবিনৰ বাবে ন্যায় প্রাপ্তি সহজ হব।