NORTHEAST NOW (Assamese)
Popular Stories

ক্ষমা বিচাৰিও পুনৰ ভুল কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ ! বিহু নাচ’ৰ বানানকলৈ তীব্ৰ সমালোচনা সামাজিক মাধ্যমত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 24, 2026 9:53 am

অসমৰ পৰম্পৰাগত সাংস্কৃতিক শৈলীৰ ভুল বানান সম্পৰ্কীয় বিতৰ্ক কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ে তেওঁলোকৰ ছচিয়েল মিডিয়া প‘ষ্টত হোৱা ভুলৰ বাবে ক্ষমা বিচাৰি এক স্পষ্টীকৰণ জাৰি কৰাৰ পিছত অধিক তীব্ৰতৰ হৈ পৰিছে।

ইয়াৰ পূৰ্বে মন্ত্ৰণালয়ে এটা কুইজ প’ষ্টত ‘হুঁচৰি’ (Husori) আৰু ‘বিহু নাচ’ (Bihu Naas)ক ক্ৰমে ‘হুচাৰি’ (Husari) আৰু ‘বিহুনা’ (Bihuna) বুলি ভুলকৈ লিখাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

ৰাজহুৱা সমালোচনাৰ পিছত মন্ত্ৰণালয়ে এক বিবৃতিত কয়, “আমাৰ পূৰ্বৰ প’ষ্টটোত ‘Bihunas’ শব্দটোক ভুলবশতঃ ‘Bihuna’ (বিহুনা) বুলি লিখাৰ বাবে আমি আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। এই ভুলৰ বাবে আমি গভীৰভাৱে লজ্জিত। ভাৰতৰ চহকী সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি আমাৰ সৰ্বোচ্চ সন্মান আছে। প’ষ্টটো আঁতৰোৱা হৈছে আৰু ভৱিষ্যতে যাতে এনে ভুল নহয়, তাৰ বাবে আমি অধিক গুৰুত্ব প্ৰদান কৰিছো। যিসকলে এই কথা আমাৰ দৃষ্টিগোচৰ কৰিছে, তেওঁলোক আটাইকে আমি ধন্যবাদ জনাইছো।”

পিছে, এই স্পষ্টীকৰণটোৱে অসমৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু সাংস্কৃতিক সমালোচকসকলৰ মাজত পুনৰ সমালোচনাৰ সূত্ৰপাত ঘটায়। তেওঁলোকে আঙুলিয়াই দিয়ে যে শুদ্ধ শব্দটো হৈছে দুটা সুকীয়া শব্দৰে গঠিত “বিহু নাচ” (Bihu Naas), যিয়ে পৰম্পৰাগত বিহু নৃত্যক বুজায় ‘বিহুনাচ’ (Bihunas) নহয়। বহুতৰে মতে, মন্ত্ৰণালয়ৰ বিবৃতিটোৱে সঠিক শব্দটো শুদ্ধকৈ চিনাক্ত কৰাত ব্যৰ্থ হৈছে, যাৰ ফলত মূল ভুলটো অধিক ঘনীভূত হৈ পৰিল।

চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে কয় যে ক্ষমা বিচৰাৰ প্ৰয়াসক প্ৰশংসা কৰা হৈছে যদিও, সংশোধনীটোত স্পষ্টভাৱে “বিহু নাচ” বুলি উল্লেখ থাকিব লাগিছিল। তেওঁ বুজাই দিয়ে যে অসমীয়াত “নাচ” (হিন্দী ‘নাচ’ৰ সৈতে একে উচ্চাৰণ) শব্দটোৱে নৃত্যক বুজায়। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে চৰকাৰী বাৰ্তালাপ সদায় সাংস্কৃতিকভাৱে নিখুঁত হোৱা উচিত, বিশেষকৈ যেতিয়া ই আঞ্চলিক পৰম্পৰাক প্ৰতিনিধিত্ব কৰে।