NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ কলাইগাঁৱত ‘মুক্তি’ৰ উদ্যোগত কৃতী শিক্ষাৰ্থীৰ বিশেষ অভিনন্দন অনুষ্ঠান

Posted by: এন ই নাও নিউজ June 18, 2018 10:35 pm
Muktis Felicitation

 

গুৱাহাটীৰ এক স্বেচ্ছাসেৱী সংস্থা ‘মুক্তি’ৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তত থকা দৰিদ্ৰ পৰিয়ালৰ নিৰ্বাচিত ৮গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ আৰ্থিক সাহাৰ্য প্ৰদানেৰে দেওবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বন নগৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

সাহিত্য একাডেমী বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক ড০ জয়ন্তমাধৱ বৰাই এই অনুষ্ঠানত মুখ্য অতিথি হিচােপ অংশগ্ৰহণ কৰি কয়, ‘জ্ঞানাৰ্জনৰ বােব কষ্ট কৰিবই লাগিব। অধ্যয়নৰ যোগেদি লাভ কৰা জ্ঞানহে মানুহৰ আৱেগক নিয়ন্ত্ৰিত কৰে। সেয়ে প্ৰতিভাসম্পন্ন শিক্ষাৰ্থীসকলে কষ্ট কৰিহে জ্ঞান অৰ্জনৰ বােবে অহোপুৰুষাৰ্থ কৰিব লাগে।’

বন নগৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত মুক্তিৰ সভানেত্ৰী হেমপ্ৰভা দেৱীৰ পৗৰোহিত্যত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটোত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা তেজপুৰৰ মুনলিট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূঞাৰ লগতে কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নয়না হাজৰিকা, তেজপুৰৰ মুনলিট উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱশ্ৰী কলিতা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চিন্ময় কুমাৰ শৰ্মা, লেঙ্গেৰীয়াঝাৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰত্যুষপল্লৱ চক্ৰৱৰ্তী আৰু বুদ্ধদেৱ শইকীয়া, মঙলদৈৰ ব্ৰিলিয়েণ্ট একাডেমীৰ ধৰিত্ৰী শইকীয়াকে ধৰি ৮ গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন জ্ঞাপন কৰা হয়।

‘মুক্তি’ৰ সাংগঠনিক সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানটোত সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক সাহিত্যিক বিপুল দেউৰী, সংগীত-নাটক একাডেমী বঁটা প্ৰাপক নৃত্যশিল্পী অনীতা শৰ্মা, অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক শৈলেন ৰাজবংশী, দৰং জিলা সাহিত্য সভাৰ সম্পাদক মুকুট হাজৰিকা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি নৱজিৎ শৰ্মাকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

বহু সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত অনুষ্ঠনতে ৰক্তিম ভূঞাৰ সৈতে অঞ্চলৱৰ্তী ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে এক মত বিনিময় কৰে। ‘মুক্তি’ৰ শীৰ্ষক গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ‘ভয়ছ অব দৰং’ ময়ুৰ কাশ্যপ, জ্যেষ্ঠ শিল্পী পুষ্প হাজৰিকাকে ধৰি বহুকেইজন শিল্পীয়ে গীত পৰিৱেশন কৰে।