NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা; তীব্ৰবেগী এল্টৰ খুন্দাত প্ৰাণ গ’ল এজনৰ

Posted by: ৰিদিপ শৰ্মা June 19, 2018 9:06 pm

আজি বিয়লি কলিয়াবৰৰ মিছাত সংঘটিত এক পথ দুৰ্ঘটনাত এখন তীব্ৰবেগী এল্ট কে ১০ গাড়ীৰ খুন্দাত এজন পথচাৰী থিতাতে নিহত হ’ব লগীয়া হয়।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা মহিলা গৰাকীক কলিয়াবৰৰ ৰৌমাৰী বিলৰ মালবি দাস (৪৫) বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে তীব্র গতিত গাড়ী চলাই নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই উক্ত পথ দুৰ্ঘটনাটো সংঘতিত হয় বুলি স্থানীয় ৰাইজে আমাক জানিব দিয়ে।

ইতিমধ্যে মিছা আৰক্ষীয়ে ঘটনা সংঘটিত কৰা এ এছ ০১ বি এল ৯৮৩৬ নম্বৰৰ এল্ট কে১০ গাড়ীখন জব্দ কৰিছে।

মন কৰিব লগীয়া যে বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ নথকা একাংশ কম বয়সীয়া কিশোৰে তীব্ৰ বেগত বাইক, গাড়ী আদি দুৰ্ঘটনা সংঘটিত কৰা দিনকদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

এই ক্ষেত্ৰত প্ৰশাসনে অধিক গুৰুত্ব আৰোপ কৰি দুৰ্ঘটনা ৰোধৰ চেষ্টা কৰিব লাগে বুলি ৰাইজে মত প্ৰকাশ কৰিছে।