NORTHEAST NOW (Assamese)
Popular Stories

বিপদৰ সময়ত বাংলাদেশৰ কাষত ভাৰত, নুমলীগড় তেল শোধনাগাৰৰ পৰা যাব ডিজেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2026 3:10 pm

পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বতে ইন্ধন তেলৰ তীব্ৰ সংকটৰ সৃষ্টি কৰিছে। বিশেষকৈ হৰমুজ জলদ্বীপ বন্ধ হৈ পৰাৰ ফলত ভাৰতৰ দৰে দেশসমূহেও তেল আমদানিৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। এই পৰিস্থিতিত চুবুৰীয়া দেশ বাংলাদেশৰ অৱস্থা অত্যন্ত শোচনীয় হৈ পৰিছে। তীব্ৰ ইন্ধন নাটনিৰ সন্মুখীন হোৱা বাংলাদেশক সহায় কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে ভাৰত। এজন প্ৰকৃত বন্ধুৰ দায়িত্ব পালন কৰি ভাৰতে বাংলাদেশক ১ লাখ ৮০ হাজাৰ মেট্ৰিক টন ডিজেল যোগান ধৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ অংশ হিচাপে মঙলবাৰে অসমৰ নুমলীগড় তেল শোধনাগাৰৰ পৰা ৫ হাজাৰ মেট্ৰিক টন ডিজেল পাইপলাইনৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণ কৰা হয়।

এই সংকটকালত দেশখনত ইন্ধনৰ যোগান নিশ্চিত কৰিবলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে জৰুৰীভাৱে ভাৰতৰ সহায় বিচাৰিছিল। বিশেষকৈ আগন্তুক চাৰি মাহৰ বাবে পাইপলাইনৰ জৰিয়তে অতিৰিক্ত ৫০ হাজাৰ মেট্ৰিক টন ডিজেল বিচাৰি যোৱা ৮ মাৰ্চত বাংলাদেশৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছিল। ভাৰতে এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ততাতৈয়াকৈ ডিজেল প্ৰেৰণৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে পূৰ্বৰ চুক্তি অনুসৰি ২০২৬ চনৰ ডিচেম্বৰলৈকে নুমলীগড়ৰ পৰা ডিজেল আমদানিৰ কথা আছিল যদিও মাজতে কূটনৈতিক কাৰণত এই প্ৰক্ৰিয়া স্তব্ধ হৈ পৰিছিল। কিন্তু বাংলাদেশত নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক পুনৰ স্বাভাৱিক হৈছে আৰু ভাৰতে বন্ধুত্বৰ হাত আগবঢ়াইছে।

বৰ্তমান বাংলাদেশত তেলৰ সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দেশখনত তেলৰ ব্যৱহাৰত চৰকাৰে কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰিছে। এতিয়াৰে পৰা বাইকৰ বাবে মাত্ৰ ২ লিটাৰ আৰু ব্যক্তিগত গাড়ীৰ বাবে ১০ লিটাৰকৈ তেল ধাৰ্য কৰি দিয়া হৈছে। ইন্ধন আৰু শক্তি ৰাহি কৰিবলৈ বিশ্ববিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ লগতে ঈদৰ বন্ধও আগতীয়াকৈ ঘোষণা কৰা হৈছে। ইফালে বজাৰত ৰন্ধন গেছৰ কলা বেহা বৃদ্ধি পাইছে আৰু ইয়াৰ দাম স্বাভাৱিকতকৈ দুই-তিনি গুণ বৃদ্ধি পাইছে। তেল পাম্পসমূহৰ সন্মুখত গ্ৰাহকৰ দীঘলীয়া শাৰীয়ে দেশখনৰ বৰ্তমানৰ দুৰৱস্থাৰ কথাকে প্ৰমাণ কৰিছে।