NORTHEAST NOW (Assamese)
অসম

ছাটাৰগাঁও : ৰাণীত মানুহ–বন্যপ্ৰাণীৰ সহাৱস্থান বিষয়ক আলোচনা চক্ৰ

Posted by: এন ই নাও নিউজ গুৱাহাটী Updated by: এন ই নাও নিউজ গুৱাহাটী March 13, 2026 1:10 pm

মানুহজীৱ-জন্তুৰ সহাৱস্থান বিষয়ক এখন আলোচনা চক্ৰ ১০ মাৰ্চ ২০২৬ তাৰিখে কামৰূপ জিলাৰ ৰাণীৰ ছাটাৰগাঁও সমূহীয়া কেন্দ্ৰত সফলভাৱে অনুষ্ঠিত হয় । এই অনুষ্ঠানটো গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰ (CWES)ৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা (NSS) ইউনিটI আৰু গুৱাহাটীস্থিত ‘অৰণ্যক সংস্থাৰ সহযোগিতাত আয়োজন কৰা হয়।

আলোচনাচক্ৰ খনত ছাটাৰগাঁৱৰ ৰ ৬০ জনৰো অধিক গাওঁবাসীয়ে অংশগ্ৰহণ কৰাৰ লগতে CWES ৰ সদস্য, NSS স্বেচ্ছাসেৱক আৰু বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব, প্ৰাণীবিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীয়েও অংশ গ্ৰহণ কৰে ।

এই আলোচনাচক্ৰ খনে গাঁওবাসী, ছাত্ৰ-ছাত্ৰী আৰু বিশেষজ্ঞসকলৰ মাজত মতবিনিময়ৰ এখন মঞ্চ সৃষ্টি কৰে, যত মানুহৰ বাসস্থান আৰু বন্যপ্ৰাণীৰ বাসস্থান একেলগে থকা অঞ্চলসমূহত জীৱনযাপনৰ ব্যৱহাৰিক সমস্যাসমূহ আলোচনা কৰা হয়।

আলোচনাচক্ৰ খনত বিশেষকৈ হাতীকে ধৰি বন্যপ্ৰাণীৰ সৈতে গাঁওবাসীয়ে দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা হয়। আলোচনাত স্থানীয় অভিজ্ঞতাসমূহ বুজি পোৱা আৰু মানুহহাতী সংঘাত কমাব পৰা ব্যৱহাৰিক উপায়সমূহ চিনাক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

আলোচনাচক্ৰ খনৰ অন্তত গাঁওবাসীসকলৰ বাবে মানুহ আৰু হাতীৰ মাজত সহাৱস্থান বজাই ৰাখি মানুহ আৰু বন্যপ্ৰাণী দুয়ো পক্ষৰ ক্ষতি কম কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা হয়। লগতে স্থানীয় অৰ্থনীতি মজবুত কৰাৰ দিশত পশুপালন, উপযোগী কৃষি-পদ্ধতি আৰু হাতীক কম আকৃষ্ট কৰা ধৰণৰ উদ্ভিদ চাষ কৰাৰ সম্ভাৱনাসমূহৰ বিষয়েও আলোচনা কৰা হয়। এই পৰামৰ্শসমূহে গাঁওবাসীসকলৰ অৰ্থনৈতিক স্থিতিশীলতা বৃদ্ধি কৰাৰ লগতে বন্যপ্ৰাণীৰ সৈতে স্থায়ী সহাৱস্থান উৎসাহিত কৰাৰ লক্ষ্য ৰাখে ।এই আলোচনাই স্থানীয় সমাজ আৰু শিক্ষানুষ্ঠানসমূহৰ মাজত সংলাপ বৃদ্ধি কৰাৰ লগতে অঞ্চলটোত মানুহ–বন্যপ্ৰাণীৰ  সহাৱস্থান সম্পৰ্কে উন্নত বুজাবুজি গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কাম কৰে । এই আলোচনা আৰু মতবিনিময়ৰ জৰিয়তে স্থানীয় সমাজৰ পৰা লাভ কৰা মতামত আৰু অভিজ্ঞতাসমূহেও বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰ (CWES) ৰ মানুহ–জীৱ-জন্তুৰ সহাৱস্থান সম্পৰ্কীয় চলিত আৰু ভৱিষ্যৎ গৱেষণাৰ বাবে গুৰুত্বপূৰ্ণ তথ্য আৰু দিশ আগবঢ়াইছে।