NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ৮-১৩ জুলাইত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ June 20, 2018 10:23 am
RBKInternationalAcademy

অসমত ৰেটিং দবা প্ৰতিযোগিতাৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি যোৱা বছৰৰ দৰে এইবছৰো দবা খেলুৱৈৰ অভিভাৱক মঞ্চই গুৱাহাটীত আয়োজন কৰিছে  আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা টুৰ্ণামেণ্ট।

এই সন্দৰ্ভত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজক সমিতিৰ সম্পাদক লাচিত বৰ্মন, উপ-সভাপতি এম অৰুণ সিং, সাংগঠনিক সম্পাদক প্ৰণৱ কুমাৰ নাথ আৰু সদস্য ডাঃ দেৱজিৎ শৰ্মাই এখন সংবাদমেলত এই কথা ঘোষণা কৰে।

অহা ৮ ৰ পৰা ১৩ জুলাইলৈ গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত হ’ব লগা এই প্ৰতিযোগিতাৰ মুঠ প্ৰাইজমানি হ’ব ৩ লাখ টকা।

ইতিমধ্যে এই ফিডে ৰেটিং দবা প্ৰতিযোগিতাখনক বিশ্ব দবা ফেডাৰেচন, সৰ্বভাৰতীয় দবা ফেডাৰেচন আৰু অসম দবা সন্থাই স্বীকৃতি প্ৰদান কৰিছে।

প্ৰতিযোগিতাখনত অসমৰ লগতে দিল্লী, তামিলনাডু, পশ্চিমবংগ, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ কেইবাজনো গ্ৰেণ্ড মাষ্টাৰ আৰু ইণ্টাৰনেশ্যনেল মাষ্টাৰে অংশগ্ৰহণ কৰাটো নিশ্চিত হোৱা বুলি আয়োজকে প্ৰকাশ কৰে।

ইয়াৰ উপৰি আগ্ৰহী খেলুৱৈয়ে অহা ৫ জুলাইৰ পূৰ্বে ৯৪৩৫০-৪৪৩০১ অথবা ৯৮৬৪৯-১১৯৬ নম্বৰত যোগাযোগ কৰি প্ৰতিযোগিতাখনত যোগদান নিশ্চিত কৰিব পাৰিব বুলি জনায়।