NORTHEAST NOW (Assamese)
অসম

“ক্ষুদ্ৰ স্বাৰ্থ এৰি জাতিৰ স্বাৰ্থত এক হওক কংগ্ৰেছ আৰু ৰাইজৰ দল” : ৰাজ্যৰ ১৭১ গৰাকী বিশিষ্ট ব্যক্তিৰ বিশেষ গোহাৰি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2026 3:10 pm

অসমৰ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ থকাৰ সময়তে ৰাজ্যৰ এদল বিশিষ্ট লেখক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীয়ে বিৰোধী দলসমূহক একগোট হবলৈ এক গুৰুত্বপূৰ্ণ আহ্বান জনাইছে। অসম নাগৰিক সন্মিলনৰ উদ্যোগত ড° হীৰেন গোহাঁই, ° নগেন শইকীয়া, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা আৰু ড° অৰূপা পটংগীয়া কলিতাকে ধৰি ১৭০ গৰাকীৰো অধিক বিশিষ্ট ব্যক্তিয়ে যুটীয়াভাৱে এই গোহাৰি প্ৰেৰণ কৰিছে। তেওঁলোকে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈলৈ এই পত্ৰ প্ৰেৰণ কৰি দলীয় স্বাৰ্থতকৈ জনস্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ জনাইছে।

গোহাৰিপত্ৰখনত বুদ্ধিজীৱীসকলে উল্লেখ কৰিছে যে যোৱা দহ বছৰীয়া শাসনৰ পিছত পুনৰ যদি বিজেপি চৰকাৰ ক্ষমতালৈ আহে, তেন্তে অসমৰ ভৱিষ্যতৰ অৱস্থা অতি ভয়াৱহ হব পাৰে। তেওঁলোকৰ মতে, বৰ্তমানৰ চৰকাৰক প্ৰতিহত কৰাৰ একমাত্ৰ পথ হল সকলো বিজেপি বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাটো। ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বত বেছিভাগ দলেই একগোট হোৱাটো এক ইতিবাচক পদক্ষেপ যদিও ৰাইজৰ দলৰ সৈতে এতিয়াও আসনৰ বুজাবুজি সম্পূৰ্ণ নোহোৱাটোৱে সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে।

বিশিষ্ট ব্যক্তিসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰি কৈছে যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পিছতো কেৱল এটা বা দুটা সমষ্টিৰ বাবে বিৰোধীৰ মাজত ঐক্য স্থাপন নোহোৱাটো অতি পৰিতাপৰ বিষয়। যদি বিৰোধী দলসমূহে পৃথকে পৃথকে নিৰ্বাচন খেলে, তেন্তে তাৰ পোনপটীয়া লাভ শাসকীয় পক্ষই পাব আৰু ই সমগ্ৰ বিৰোধী জোঁটটোৰ বাবে বৃহৎ ক্ষতি কঢ়িয়াই আনিব। সেয়েহে অসমৰ বিজেপি বিৰোধী ৰাইজৰ আশা-আকাংক্ষাক সন্মান জনাই কংগ্ৰেছ আৰু ৰাইজৰ দলক সকলো মতানৈক্য দূৰ কৰি শীঘ্ৰেই এক উমৈহতীয়া সিদ্ধান্তত উপনীত হবলৈ তেওঁলোকে আহ্বান জনাইছে।এই গোহাৰিত স্বাক্ষৰ কৰা ১৭১ গৰাকী ব্যক্তিৰ ভিতৰত গুৱাহাটী, ডিব্ৰুগড়, তিতাবৰ, যোৰহাট, শিলচৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদ, চিকিৎসক আৰু সাংস্কৃতিক কৰ্মী অন্তৰ্ভুক্ত আছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে ৰাজনৈতিক দলসমূহে এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত ব্যক্তিগত বা দলীয় লাভালাভ ত্যাগ কৰি অসমৰ সুৰক্ষাৰ স্বাৰ্থত এক শক্তিশালী ঐক্যবদ্ধ মৰ্চা গঠন কৰিব। নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধীৰ এই ঐক্যই ৰাজ্যবাসীক এক নতুন আশাৰ বতৰা দিব বুলিও তেওঁলোকে পত্ৰখনত উল্লেখ কৰিছে।