NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে কংগ্ৰেছ দলে: অসমৰ ৰাইজক কি কি প্ৰতিশ্ৰুতি দিলে বিৰোধী দলটোৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2026 4:27 pm

সমাগত অসম বিধানসভা নিৰ্বাচন। এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰত ৰাইজৰ বাবে কংগ্ৰেছ দলে কি কি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে? কেৱল এই প্ৰতিশ্ৰুতিৰ ভৰসাতেই দলটোৱে ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হব পাৰিবনে? এই চৰ্চাৰ মাজতেই দেওবাৰে লখিমপুৰ জিলাৰ নাওবৈচাত অসম প্ৰদেশ কংগ্ৰেছে আনুষ্ঠানিকভাৱে মুকলি কৰে দলৰ নিৰ্বাচনী ইস্তাহাৰ। এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাজ্যবাসীৰ কল্যাণ, সামাজিক নিৰাপত্তা আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে পাঁচটা মূল প্ৰতিশ্ৰুতি সম্বলিত এই ইস্তাহাৰখন প্ৰকাশ কৰে। শাসকীয় দলক তীব্ৰ সমালোচনা কৰি কং্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে সাধাৰণ ৰাইজৰ মতামত আৰু পৰামৰ্শৰ ভিত্তিতহে এই ইস্তাহাৰ প্ৰস্তুত কৰা হৈছে।

কংগ্ৰেছৰ এই ইস্তাহাৰৰ কেন্দ্ৰবিন্দুত থকা পাঁচটা প্ৰধান প্ৰতিশ্ৰুতিৰ ভিতৰত মহিলা সৱলীকৰণ আৰু স্বাস্থ্য খণ্ডই বিশেষ গুৰুত্ব লাভ কৰিছে। দলটোৱে ক্ষমতালৈ আহিলে মহিলাসকলক উদ্যোগী কৰি তুলিবৰ বাবে প্ৰতিমাহে ৫০ হাজাৰ টকাকৈ বিনাচৰ্তে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰতিটো পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ কেছলেছ স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱা হব বুলি ঘোষণা কৰিছে। ইয়াৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক নিৰাপত্তা সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰতিমাহে ১২৫০ টকাকৈ ভাট্টা প্ৰদান কৰাৰ কথা ইস্তাহাৰত সন্নিৱিষ্ট কৰা হৈছে। আনহাতে, খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে বাৰ্ষিক আবণ্টন ব্যৱস্থাৰ পৰিৱৰ্তে দহ লাখ খিলঞ্জীয়া লোকক স্থায়ী ভূমি পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিও দিছে বিৰোধী দলটোৱে। এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘোষণাত দলটোৱে শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ উচিত তদন্ত কৰি চৰকাৰ গঠনৰ এশ দিনৰ ভিতৰত দোষীক শাস্তি প্ৰদান কৰাৰ জৰিয়তে ন্যায় নিশ্চিত কৰিব বুলি প্ৰকাশ কৰিছে।

শাসকীয় দলৰ আঁচনিসমূহক সমালোচনা কৰি সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে বিজেপিয়ে চৰ্তসাপেক্ষে সাহায্য প্ৰদান কৰে আৰু হিতাধিকাৰীসকল বিজেপিৰ হয় নে নহয় সেয়া প্ৰশ্ন কৰে। কিন্তু কংগ্ৰেছে এনে প্ৰশ্ন নকৰে বুলি উল্লেখ কৰি তেওঁ বিনাচৰ্তে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে সম্ভৱ হলে তাতোকৈ অধিক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। জুবিন গাৰ্গৰ প্ৰসংগত তেওঁ দৃঢ়তাৰে কয় যে অপৰাধীক কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহব আৰু এশ দিনৰ ভিতৰত তেওঁক ন্যায় প্ৰদান কৰা হব। ভূমি পট্টা প্ৰদানৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এই পদক্ষেপৰ পিছত ৰাইজে প্ৰশাসনৰ ওচৰত তাঁত-বাটি কাঢ়িব লগীয়া নহব আৰু ভূমিৰ অধিকাৰ স্থায়ীভাৱে সুৰক্ষিত হব।

ইস্তাহাৰ প্ৰকাশৰ সমান্তৰালভাৱে খাৰ্গেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে। মুখ্যমন্ত্ৰীয়ে ৰাইজৰ মাজত ভয়ৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে যিসকল লোক মুখ্যমন্ত্ৰীৰ লগত নাই, তেওঁলোকক বিপদত পেলোৱা হৈছে। ৰাইজক এনে ৰাজনীতিলৈ ভয় নকৰিবলৈ আহ্বান জনাই কংগ্ৰেছৰ সভাপতিগৰাকীয়ে শাসকীয় দলৰ শাসন ব্যৰ্থ হোৱা বুলি দাবী কৰে। আগন্তুক নিৰ্বাচনত ৰাজ্যখনত পৰিৱৰ্তন আনিবলৈ আৰু জনকল্যাণৰ হকে কাম কৰা দল এটাক ভোট দিবলৈ তেওঁ ভোটাৰসকলক আহ্বান জনায়।