NORTHEAST NOW (Assamese)
Popular Stories

কাহিনীকাৰ, পৰিচালক চিন্ময় শৰ্মাৰ সৈতে অলপ আলাপ  -ৰিমলী বৰকটকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2026 12:44 pm

বৰ্তমান সময়ত এজন লেখত ল‘বলগীয়া যুৱ চলচ্চিত্ৰ পৰিচালক চিন্ময় শৰ্মা। “এজনী ছোৱালী”, “ককাইদেউ বিন্দাছ”, “ভূত জলকীয়া”, “ভাকুটকুট” আদিৰ দৰে ছবিৰে নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা চিন্ময় শৰ্মাৰ সৈতেই আজিৰ এই চিনে আলাপ-

ৰিমলীঃ- প্ৰথমেই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি নিজকে কি ৰূপে চিনাকি দিবলৈ ভাল পায়? পৰিচালক অথবা কাহিনীকাৰ ৰূপে?

চিন্ময়ঃ- নিশ্চিতভাৱে নিজকে কাহিনীকাৰ ৰূপে চিনাকি দিবলৈ ভাল পাওঁ। কাহিনীটো লিখাৰ পৰৱৰ্তী সময়ত ছবিখন পৰিচালনা কৰোঁ। কাহিনীকাৰ ৰূপেই পৰিচয় দিবলৈয়ে ভাল পাম।

ৰিমলীঃ- চিনেমা আপোনাৰ বাবে কি?

চিন্ময়ঃ- মই খুব ভাল পোৱা এক কলা। এটি শক্তিশালী মাধ্যম, যিটো ভালকৈ ব্যৱহাৰ কৰিলে যিকোনো ক্ষেত্ৰতেই উন্নয়নৰ সোপান থাকে। আৰু ভাল লাগে মই যে কাহিনী এটা নিৰ্বাচন কৰি চিনেমা এখন নিৰ্মাণ কৰিব পাৰোঁ। তাৰ বাবে মই বৰ কৃতজ্ঞ।

ৰিমলীঃ- ‘ভূত জলকীয়া’ৰ কাহিনী লিখাৰ ধাৰণাটো কিদৰে মনলৈ আহিছিল?

চিন্ময়ঃ- মই লিখিবলৈ লৈছিলোঁ, তেনেতে মনলৈ এই ধাৰণাটো আহিলে আৰু দুৰাতিৰ ভিতৰতে মই ইয়াৰ প্ৰথম পাণ্ডুলিপি লিখি উলিয়াইছিলোঁ। পৰৱৰ্তী সময়ত অৱশ্যেই চিত্ৰনাট্য, সংলাপ ৰচনা কৰিছিলোঁ।

ৰিমলীঃ- ‘ভাকুটকুট’ত মানসিক ৰোগৰ বিষয়ে চিত্ৰায়ণ কৰাৰ কিবা বিশেষ কাৰণ?

চিন্ময়ঃ- মই তেজপুৰৰ গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক প্ৰতিষ্ঠানত ৰোগীৰ ভিৰ দেখি আহিছোঁ। লগতে মই এনে বিভিন্ন ব্যক্তি লগ পাইছোঁ যিসকলে বিভিন্ন ধৰণৰ মানসিক ৰোগত ভুগি আছে। তাৰে বেছিভাগেই কিন্তু চিকিৎসা কৰোৱা নাই। কিছুসংখ্যকে কৰিছে অৱশ্যে। বেছিভাগেই লুকুৱাব খোজে। ই একপ্ৰকাৰ নিষিদ্ধ কথাৰ দৰেই। ‘ভাকুটকুট’ত ইন্দুৰ চৰিত্ৰটো যেতিয়া নিৰ্মাণ কৰিলোঁ, তেতিয়া সেই চৰিত্ৰটোত মানসিক ৰোগৰ আভাস দিয়াৰ কথা ভাবিছিলোঁ। ইন্দুৰ চৰিত্ৰটোৰ বাবে মোৰ এজন কলেজীয়া বন্ধুৰ পৰা খুবেই অনুপ্ৰাণিত হৈছিলোঁ। তেনেদৰেই ইন্দুৰ চৰিত্ৰটোৰ লগৰ নাৰী চৰিত্ৰটোকো তেনেদৰেই উপস্থাপন কৰাৰ কথা মনলৈ আহিছিল।

ৰিমলীঃ- অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান অৱস্থা কেনে বুলি ভাবে? যদিহে পয়ালগা অৱস্থাত আছে আৰু যদিহে উত্থান হৈছে- দুয়োৰে কাৰণ কি বুলি ভাবে?

চিন্ময়ঃ- উত্থান হোৱা বুলিয়েই ক‘ম। কাৰণ যদিহে আপুনি চায়, আজিৰ পৰা ছয়-সাত বছৰ আগতে উদ্যোগটোৰ অৱস্থা বহুত বেয়া আছিল। বাণিজ্যিকভাৱে সফল চিনেমাও নাছিল। তাৰপিছত জুবিন দাৰ ‘মিছন চাইনা’ আহিলে, ‘কাঞ্চনজংঘা’ আহিলে, যতীনদাহঁ‌তৰ চিনেমা আহিলে, ‘বিদুৰভাই’ আহিলে। বছৰত দুখনকৈ চিনেমা হিট হৈ আছে। নতুন নতুন ধৰণৰ চিনেমা নিৰ্মাণ হৈ আছে, নতুন নতুন ধাৰাৰ চিনেমা নিৰ্মাণ হৈ আছে। ব্যৱসায়িকভাৱে সফল বা অসফল হোৱাটো থাকিবই। আৰু নতুন বহু চিনেমা নিৰ্মাণ হৈ আছে, গতিকে এক কথাত মই অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ উত্থান বুলিয়েই ক’ম।

ৰিমলীঃ- “অসমীয়া চিনেমা অসমীয়া মানুহে নাচায়”- সততে উঠা এই জাতীয়তাবাদী আৱেগ বা অভিযোগ সম্পৰ্কে কি মন্তব্য কৰিব?

চিন্ময়ঃ- মই নাচায় বুলি নকওঁ। কিন্তু যদিহে অসমীয়া চিনেমাতকৈ অধিক মনোৰঞ্জন আন এখন চিনেমাত পায়, তেতিয়াতো সেইখন চিনেমা চাবই। আৰু আজিকালি চিনেমা চোৱাটো এক খৰচী কাৰবাৰ হৈ পৰিল, কম দামত আজিকালি টিকট নাপায়। সৰু সৰু ঠাইবোৰত কম মূল্যত টিকট পোৱা হলৰ ব্যৱস্থা হ’ব লাগে। আমি জুবিনদাৰ চিনেমাখনৰ কথা ক’ব পাৰোঁ, বা অন্যান্য চিনেমাৰ কথা উল্লেখ কৰিব পাৰোঁ। কিন্তু চিনেমাৰ মূল বিষয়টো ভাল হ’ব লাগিব। ভাল বিষয়বস্তু নোলোৱাকৈ অকল অসমীয়া চিনেমা নিৰ্মাণ কৰিছে বুলিয়েই যে দৰ্শক আহিব লাগিব, সেইটো জাতীয়তাবাদী আৱেগ ভুল। যদিহে মই ভাল বিষয়বস্তুৰে ছবি নিৰ্মাণ কৰিছোঁ, তেন্তে দৰ্শক আহিব নিশ্চয়।

ৰিমলীঃ- অসমীয়া দৰ্শকে কেনে ছবি চাই ভাল পায়?

চিন্ময়ঃ- হাস্যমধুৰ চিনেমা ভাল পায় বুলি গম পাইছোঁ। হাস্যমধুৰ চিনেমা সকলো ঠাইতেই ভাল পায়। আন ধাৰাৰ ছবি নিৰ্মাণ কৰাতকৈ হাস্যমধুৰ চিনেমা নিৰ্মাণ কৰিবৰ বাবে বাজেটৰ প্ৰয়োজনো কম হয়।

ৰিমলীঃ- বৰ্তমানলৈকে, আপুনি নিজৰ কামক লৈ সন্তুষ্ট নে?

চিন্ময়ঃ- হয়, একদমেই সন্তুষ্ট। মানুহে কৈছেও যে ‘এজনী ছোৱালী’তকৈ ‘ভূত জলকীয়া’ আৰু ‘ভূত জলকীয়া’তকৈ ‘ভাকুটকুট’ তুলনামূলকভাৱে অধিক ভাল হৈছে। মই নিজেও এই উত্তৰণকেই বিচাৰোঁ বাবেই মই সন্তুষ্ট। চেষ্টা কৰিম যাতে পৰৱৰ্তী সময়তো এনেদৰেই আগবাঢ়ি যাব পাৰোঁ।

ৰিমলীঃ- পৰিচালক, কাহিনীকাৰ হ’বৰ বাবে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন কিমান জৰুৰী বুলি ভাবে?

চিন্ময়ঃ- বহুত বেছি দৰকাৰ নাই যদিও কাৰিকৰী দিশত আগবঢ়া মানুহৰ লগত কাম কৰিবলৈ বেছি ভাল। মই নিজে অৱশ্যে কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ, বেংগালুৰুত কেমেৰা এটা কিনি আৰম্ভ কৰিছিলোঁ ছবি নিৰ্মাণৰ কাম। কাহিনীকাৰ হ’বলৈ এনে শিক্ষাৰ কিমানদূৰ প্ৰয়োজন মই নাজানো। কাহিনীটো নিজে লিখিলে বহুখিনি কথাই স্পষ্ট হৈ পৰে পৰিচালকজনৰ বাবে। কিন্তু পৰিচালক হ’বৰ বাবে “মানুহ ব্যৱস্থাপনা” কৰাটো অধিক জৰুৰী বুলি ভাবোঁ।

ৰিমলীঃ- চিনেমাৰ কোন ধাৰাই আপোনাক বিশেষভাৱে আকৰ্ষিত কৰে?

চিন্ময়ঃ- প্ৰায় সকলো ধাৰাই ভাল পাওঁ। মাত্ৰ মই খুব বেছি একচন চিনেমা নাচাওঁ। মই উৎকণ্ঠাধৰ্মী আৰু গুপ্তচৰৰ চিনেমা চাই ভাল পাওঁ।

ৰিমলীঃ- চিনেমা কলাৰ আটাইতকৈ শক্তিশালী দৃশ্য-শ্ৰব্য মাধ্যম, এই চিনেমাৰ প্ৰভাৱ সমাজ আৰু মানুহৰ ওপৰত কিদৰে পৰে?

চিন্ময়ঃ- নিশ্চয়কৈ পৰে। কিন্তু বহুত বেছি পৰে বুলিও মই নাভাবোঁ। কোনজন দৰ্শক ক‘ৰ পৰা প্ৰভাৱান্বিত হৈছে সেইটো কোৱাটো অলপ অসুবিধা। বৰ্তমান সময়ত অলেখ চিনেমা নিৰ্মাণ হৈ আছে বা মুক্তি লাভ কৰিছে। কোনে কি চাইছে, ইয়েই দৰ্শকক ভালে-বেয়াই প্ৰভাৱান্বিত কৰে।

ধন্যবাদ চিন্ময় শৰ্মা আমাক ইমানখিনি সময় দিয়াৰ বাবে। আপোনাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।

ইমেইল- [email protected]