NORTHEAST NOW (Assamese)
Popular Stories

অসম সাহিত্য সভাৰ উদ্যোগত বৰেণ্য কবি অজিৎ বৰুৱাৰ জন্মশতবৰ্ষৰ কাব্যানুষ্ঠান সম্পন্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 4, 2026 4:48 pm

বৰেণ্য কবি, ঔপন্যাসিক, সমালোচক তথা অনুবাদক অজিৎ বৰুৱাৰ জন্মশতবৰ্ষ উপলক্ষে অসম সাহিত্য সভা আৰু অজিৎ বৰুৱা অনুৰাগী সমাজৰ যৌথ উদ্যোগত কালি আবেলি এখন বৰ্ণাঢ্য কাব্যানুষ্ঠান সম্পন্ন হৈ যায়। গুৱাহাটীৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত আয়োজিত ‘আৰু কি আছে বাক্য বিন্যাসৰ জলতৰংগত’ শীৰ্ষক এই বিশেষ অনুষ্ঠানটোত ৰাজ্যৰ বহুসংখ্যক বিশিষ্ট সাহিত্যিক, কবি আৰু অনুৰাগীয়ে অংশগ্ৰহণ কৰি প্ৰয়াত কবিগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অনুষ্ঠানটোৰ প্ৰথম সত্ৰ উদ্বোধন কৰি যশস্বী কবি, কাহিনীকাৰ তথা সমালোচক হৰেকৃষ্ণ ডেকাই অজিৎ বৰুৱাক আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া হিচাপে অভিহিত কৰে। তেখেতে মন্তব্য কৰে যে প্ৰথম অৱস্থাত বৰুৱাৰ সৃষ্টিকৰ্মই কিছু স্থৱিৰতাৰ সন্মুখীন হৈছিল যদিও পৰৱৰ্তী সময়ত ভৱেন বৰুৱাৰ দৰে সমালোচকৰ বিস্তৃত বিশ্লেষণৰ পাছত তেখেতৰ কবিতাই সচেতন পঢ়ুৱৈ আৰু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এই সমগ্ৰ আয়োজনৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আদৰণী ভাষণ প্ৰদান কৰি কয় যে এই অনুষ্ঠান কেৱল অজিৎ বৰুৱাক শ্ৰদ্ধা জনোৱাই নহয়, বৰঞ্চ তেওঁৰ অমূল্য সৃষ্টিৰ যোগেদি সমগ্ৰ কাব্যজগতকো সন্মান জনোৱাৰ এক আন্তৰিক প্ৰয়াস। তেওঁ লগতে কবিগৰাকীৰ সৃষ্টিকৰ্মক অসমীয়া সমাজ জীৱনৰ বাবে এক আপুৰুগীয়া সম্পদ বুলিও উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থাকি অজিৎ বৰুৱা অনুৰাগী সমাজৰ সভাপতি ৰাজীৱ বৰুৱাই নৱপ্ৰজন্মক সাহিত্যচৰ্চাত অধিক সক্ৰিয়তাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

আবৃত্তিকাৰ কাকলি বৰা আৰু অসম সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ আহ্বায়ক নৱ ৰাজনে আঁত ধৰা অনুষ্ঠানটোৰ প্ৰথম সত্ৰ সঞ্চালনা কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক কবি জ্ঞান পূজাৰীয়ে। এই সত্ৰত নীলিম কুমাৰ, অৰ্চনা পূজাৰী, ৰাজীৱ বৰুৱা, প্ৰদীপ শইকীয়া, এম কামালুদ্দিন আহমেদ, মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, বিনয় কুমাৰ মজুমদাৰ, কুশল দত্ত, মুনীন্দ্ৰ মহন্ত, বৰ্ণালী বৰগোহাঁই, বিভাৰাণী তালুকদাৰ, বিজয় শংকৰ বৰ্মন আৰু নৱ ৰাজনে স্বৰচিত কবিতা পাঠ কৰে। ইয়াৰ পাছতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা খ্যাতনামা কাহিনীকাৰ ডঃ ধ্ৰুৱজ্যোতি বৰাই তৰুণ প্ৰজন্মৰ কবিসকলক লৈ অনুষ্ঠিত দ্বিতীয় সত্ৰটি উদ্বোধন কৰে। কবি নীলিম কুমাৰে সঞ্চালনা কৰা এই দ্বিতীয় সত্ৰত অন্তৰীপ কাকতি, অম্লান দেউৰী, গায়ত্ৰী দেৱী বৰঠাকুৰ, ডাঃ জয়শংকৰ দাস, জ্যোতিৰ্ময় দত্ত, দ্বীপৰাজ, মিণ্টুল হাজৰিকা, হিৰণ্য লয়, চন্দ্ৰমোহন দাস, বৰ্ণালী ডেকা বৰঠাকুৰ আৰু তানিয়া মধুকল্যই কবিতা পাঠ কৰি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰে।

আনহাতে, এই অনুষ্ঠানত দিনকৰ কুমাৰ আৰু সঞ্জয় চক্ৰৱৰ্তীয়ে অজিৎ বৰুৱাৰ কেইবাটিও নিৰ্বাচিত কবিতা ক্ৰমে হিন্দী আৰু বাংলা ভাষালৈ অনুবাদ কৰি পাঠ কৰাৰ লগতে ভাৰতীয় ইংৰাজী ভাষাৰ বিশিষ্ট কবি মাধু ৰাঘৱেন্দ্ৰয়ো অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে। অসম সাহিত্য সভাৰ সক্ৰিয় সদস্য ডঃ অসমী গগৈ, চৈয়দ মাৰুফ হুছেইন, ৰুমী ভূঞা, তৃষ্ণা মহন্ত, নন্দিতা বৰঠাকুৰ আদি কাব্যানুৰাগীসকলৰ উপস্থিতিত সম্পন্ন হোৱা এই অনুষ্ঠানে ভৱিষ্যতলৈও সাহিত্যৰ এনে গঠনমূলক ধাৰা অব্যাহত ৰাখিব বুলি উপস্থিত সাহিত্যিক মহলে আশা প্ৰকাশ কৰিছে। বৰ্তমান এই কাব্যানুষ্ঠানৰ জৰিয়তে সৃষ্টি হোৱা বৌদ্ধিক আদান-প্ৰদানৰ পৰিৱেশে ৰাজ্যৰ সাহিত্য জগতত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।