NORTHEAST NOW (Assamese)
অসম

BREAKING NEWS অসমত জাৰি কৰা হ’ল নৈশ সান্ধ্য আইন, নতুন SOP ঘোষণা, কি কি আছে নতুন SOP ত?

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ December 25, 2021 3:58 pm

কলিয়াবৰত স্বাস্থ্য মন্ত্ৰীৰ নতুন SOP ঘোষণা ।

কাইলৈৰ পৰা নিশা ১১-৩০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন । নিশা ১০-৩০ বজাৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব । ৩১ ডিচেম্বৰৰ দিনটো ৰেহাই দিয়া হৈছে ।

অমিক্ৰমন ৰোধৰ আগতীয়া ব্যৱস্থা হিচাবে জাৰি কৰা হৈছে এই SOP ।অমিক্ৰন সংক্ৰমণ ৰোধিবলৈ সকলো প্ৰকাৰে সাজু ৰাজ‍্যৰ স্বাস্থ‍্য বিভাগ। দেশৰ ১৭খন ৰাজ‍্যত ঘটিছে অমিক্ৰনৰ সংক্ৰমণ।

অসমত এই পৰ্য‍্যন্ত অমিক্ৰন পোৱা হোৱা নাই । বৰ্তমানলৈ দেশৰ ৪১৫ জন অমিক্ৰনত সংক্ৰমিত। মাক্স নিপিন্ধিলে কাইলৈৰ পৰা জৰিমনা।

কাইলৈ পুৱাৰ পৰা নতুন SOP ।ৰাতি ১১:০০ বজাৰ পৰা পুৱা ৬:০০ বজালৈ সান্ধ‍্য আইন । ৩১ ডিচেম্বৰৰ নিশা সান্ধ‍্য আইন নাথাকে

হোটেল ধাবা সমূহ নিশা দহ বজাৰ পাছত বন্ধ হ’ব। ৫০% দৰ্শকেৰে চিনেমা হল চলিব। ৰাজ‍্যৰ স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্তৰ কলিয়াবৰত সংবাদ মেল ।

ৰাজ‍্যত অমিক্ৰন সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ‍্য চৰকাৰ কেনেদৰে সাজু হৈছে সেই বিষয় লৈ স্বাস্থ‍্য মন্ত্ৰী সংবাদ মেল ।কলিয়াবৰ মহকুমাধি কাৰ্য‍্যালয়ৰ সভাগৃহত স্বাস্থ‍্য মন্ত্ৰীৰ সংবাদ মেল সম্বোধন। চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে

সকলোকে নীতি-নিয়ম পালন কৰিবলৈ আহ্বান স্বাস্থ্য মন্ত্ৰীৰ। শিক্ষানুষ্ঠানৰ বাবে পূৰ্বতে দিয়া বাধা-নিষেধ প্ৰযোজ‍্য থাকিব।
অমিক্ৰন যাতে কোনোধৰণে নিবিয়পে তাৰ বাবে ৰাইজৰ সহযোগিতা কামনা চৰকাৰৰ ।

ভেক্‌চিনৰ অভাৱ বৰ্তমান অসমত নাই। এতিয়াও ৰাজ‍্য চৰকাৰৰ হাতত পঞ্চাশ লাখ ভেকচিন মজুত আছে।