NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজিৰ দিনটোত কোভিডত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি ,আক্ৰান্ত হ’ল কিমান?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 10, 2022 9:35 pm
PETUGAS RAWAT PESAKIT COVID-19

দেশৰ আন ২৯ খন ৰাজ্যৰ লগতে অসমতো অতি দ্ৰুত গতিত সংক্ৰমিত হৈছে কোভিড।

এক কথাত ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড-১৯ৰ দৈনিক সংক্ৰমণ।

সেইদৰে পজিটিভিটিৰ হাৰো হঠাতে ৪ শতাংশ অতিক্ৰম কৰিলে।

ৰাজ্যখনত বিগত ২৪ ঘন্টাত মুঠ ২১৯৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

ইপিনে, যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৭৬০ গৰাকী লোক।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৪৮,৯৬৪ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

ৰাজ্যত বৰ্তমান কোভিড পজিটিভিটিৰ হাৰ হৈছে ৪.৪৯ শতাংশ। সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৭.৭১ শতাংশ।
আজি কোভিডত মৃত্যু ঘটিছে দুজন লোকৰ।