NORTHEAST NOW (Assamese)
প্ৰযুক্তি

নাছাৰ সৰ্ববৃহৎ আৰু শক্তিশালী মহাকাশ বিজ্ঞান দূৰবীণ জেমছ ৱেব স্পেচ টেলিস্কোপ উৎক্ষেপণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 25, 2021 4:15 pm
NASA Telescope

খ্ৰীষ্টমাছৰ পবিত্ৰ দিনটোতে জ্যোতিৰ্বিজ্ঞানী আৰু স্কাইৱাচাৰসকলৰ বাবে এক অসাধাৰণ উপহাৰ দিলে নাছাই। ভাৰতীয় সময় মতে আজি সন্ধিয়া ৫.৫০ বজাত মহাকাশ সংস্থাটোৰ সৰ্ববৃহৎ আৰু শক্তিশালী মহাকাশ বিজ্ঞান দূৰবীণ ফ্ৰেঞ্চ গিয়ানাৰ পৰা উৎক্ষেপণ কৰা হ’ব।

“ই চাৰিটা মুখ্য বৈজ্ঞানিক সঁজুলি বহন কৰে আৰু প্ৰথম গেলেক্সীৰ অপৰিলক্ষিত গঠনৰ বাবে লক্ষ্য কৰিব। লগতে ডাৱৰৰ ভিতৰলৈ চাব, য’ত আজি তৰা আৰু গ্ৰহ প্ৰণালী সৃষ্টি হৈছে।” নাছাই কয়।

 

উৎক্ষেপণ বাহন আৰু ইয়াৰ পেলোডৰ মাজত বৈদ্যুতিক যোগাযোগত অসুবিধাৰ বাবে ২২ ডিচেম্বৰৰ বাবে নিৰ্ধাৰিত লিফ্টঅফ ২৪ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছিল। উৎক্ষেপণ স্থানত বতৰৰ দুৰ্বল পৰিস্থিতিৰ বাবে পুনৰ আজি উৎক্ষেপণৰ সিদ্ধান্ত লয়।

এই টেলিস্কোপটোৱে প্ৰথম পোহৰ, ছায়াপথৰ সমাবেশ, তৰাৰ জন্ম আৰু প্ৰটোপ্লেনেটেৰী প্ৰণালী আৰু গ্ৰহ প্ৰণালী, আৰু জীৱনৰ উৎপত্তি সম্পৰ্কে মানৱ জাতিৰ প্ৰশ্ন সমূহৰ সন্ধানত সহায় কৰিব।