NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ নেতা পৱন খেৰাৰ দিল্লীৰ ঘৰত অসম আৰক্ষী; মুখ্যমন্ত্ৰীৰ পত্নীৰ পাছপ’ৰ্ট বিতৰ্কৰ আইনী পদক্ষেপ!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 7, 2026 2:41 pm

হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি শৰ্মা ভূঞাৰ পাছপ’ৰ্ট বিতৰ্কক লৈ আৰম্ভ হৈছে আইনী পদক্ষেপ। মঙলবাৰে অসম আৰক্ষীৰ এটা দল দিল্লীত কংগ্ৰেছ নেতা পৱন খেৰাৰ বাসগৃহত উপস্থিত হয়। চাৰিজনীয়া এটা দল কংগ্ৰেছ নেতা নিজামুদ্দিনৰ বাসগৃহত উপস্থিত হয়। দিল্লী আৰক্ষীয়ে অসম আৰক্ষীক সহায় কৰিছে।

জানিব পৰা মতে, আজি যেতিয়া অসম আৰক্ষী খেৰাৰ ঘৰত উপস্থিত হয় তেতিয়া পৱন খেৰা বাসগৃহত নাছিল। আৰক্ষীয়ে তেওঁৰ বাবে অপেক্ষা কৰি আছে।

খেৰাই সংবাদমেলত দাবী কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ তিনিখন পাছপ’ৰ্ট আছে। কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁৰ নামত বিদেশী সম্পত্তিক লৈও প্ৰশ্ন উত্থাপন কৰে। সংযুক্ত আৰব আমিৰশ্বাহী, এন্টিগুয়া আৰু বাৰ্বুডা আৰু ইজিপ্তৰ পাছপ’ৰ্ট হিমন্তৰ পত্নীৰ নামত থকা বুলি দাবী কৰে পৱন খেৰাই। তেওঁ লগতে অভিযোগ কৰে যে ৰিনিকি ভূঞা শৰ্মাৰ ডুবাইত একাধিক স্থাৱৰ সম্পত্তি আৰু আমেৰিকাত এটা কোম্পানী আছে, যিবোৰৰ কথা নিৰ্বাচনী শপতনামাত উল্লেখ কৰা হোৱা নাছিল।

নিৰ্বাচন আয়োগৰ পৰা তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন বাতিলৰ দাবী জনাইছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ শিবিৰৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কংগ্ৰেছৰ নেতাগৰাকীয়ে উত্থাপন কৰা অভিযোগক ‘মিছা আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ বুলি তেওঁ খাৰিজ কৰে। ইয়াৰ সমান্তৰালকৈ হিমন্তই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো সকীয়নি দিয়ে।

ইয়াৰ পিছতে মঙলবাৰে অসম আৰক্ষীয়ে তেওঁক জেৰা কৰিবলৈ পৱন খেৰাৰ দিল্লী বাসগৃহত উপস্থিত হয়।

ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁৰ পত্নীয়ে তথাকথিত ভুৱা অভিযোগৰ বাবে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। তেওঁ কয়, “কালি মোৰ পত্নীয়ে এফআইআৰ দাখিল কৰিছে, আৰু মই নিশ্চিত যে আৰক্ষীয়ে আইনৰ উপযুক্ত ধাৰাত গোচৰটো পঞ্জীয়ন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।”

শেহতীয়াকৈ কংগ্ৰেছৰ সংবাদমেলত ব্যৱহৃত বিভিন্ন বিষয় পাকিস্তানী ছ’চিয়েল মিডিয়া গ্ৰুপৰ পৰা আহৰণ কৰা আৰু নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ লক্ষ্যৰে হ’ব পাৰে বুলিও অভিযোগ কৰে হিমন্তই।

একাধিক পাছপ’ৰ্ট আৰু বিদেশী সম্পত্তিৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰি ৰিনিকি ভূঞা শৰ্মাই এই অভিযোগক নাকচ কৰিছে। ভাৰতে দ্বৈত নাগৰিকত্বৰ অনুমতি নিদিয়ে, আৰু কংগ্ৰেছে মোৰ তিনিখন পাছপ’ৰ্টৰ কথা কৈছে।’ লগতে তেওঁৰ পৰিয়ালক বদনাম কৰিবলৈ মনেসজা আৰু ডিজিটেলভাৱে বিকৃত বিষয় ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে।

অহা ৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব অসমত। নিৰ্বাচনৰ মাত্ৰ কেইদিনমান পূৰ্বে কংগ্ৰেছৰ অভিযোগক লৈ বিতৰ্ক তুংগত উঠিছে। দুয়োপক্ষই ইটোৱে সিটোৰ বিৰুদ্ধে নাগৰিকত্ব, সম্পত্তি আৰু প্ৰকাশৰ নিয়মক লৈ অভিযোগ উত্থাপন কৰিছে।