NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাৰ পৰা ২ কোটি নাম বাদ পৰিল, যোগীৰ চেষ্টাৰ পিছতো লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ বিজেপি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2026 10:09 am

শেহতীয়াকৈ নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশৰ চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰিছে। এই তালিকাখন প্ৰকাশ পোৱাৰ পিছতে এটা ডাঙৰ তথ্য পোহৰলৈ আহিছে। আগৰ তালিকাৰ তুলনাত এইবাৰ প্ৰায় ২ কোটি ভোটাৰৰ নাম তালিকাৰ পৰা বাদ পৰিছে। অৱশ্যে, খচৰা তালিকাৰ তুলনাত এইবাৰ চূড়ান্ত তালিকাত ৮৪ লাখ ভোটাৰৰ নাম নতুনকৈ যোগ কৰা হৈছে। ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ আগতে উত্তৰ প্ৰদেশত মুঠ ভোটাৰ আছিল প্ৰায় ১৫ কোটি ৪৪ লাখ। কিন্তু এতিয়া এই সংখ্যা কমি ১৩ কোটি ৩৯ লাখৰ ঘৰত থিয় দিছে। ইয়াৰ উপৰিও প্ৰায় ১ কোটি ৪ লাখ ভোটাৰৰ ঠিকনা বা আন নিৰ্দিষ্ট বিৱৰণ এতিয়াও সঠিকভাৱে পোৱা হোৱা নাই যাৰ বাবে তেওঁলোকক জাননী দিয়া হৈছিল। তাৰে ভিতৰত মাত্ৰ ৮৪ লাখ ভোটাৰৰ নামহে নতুন তালিকাত সফলতাৰে আপডেট কৰা হৈছে।

অহা বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ ৪০৩ খন আসনৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব। নিৰ্বাচনৰ আগত ভোটাৰ তালিকা সংশোধনৰ এই প্ৰক্ৰিয়াটো অতি গুৰুত্বপূৰ্ণ। শুকুৰবাৰে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনোৱাই এখন সংবাদমেলযোগে এই চূড়ান্ত তালিকাখন আনুষ্ঠানিকভাবে প্ৰকাশ কৰে। তেওঁ কয় যে এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছতাৰে আৰু আইনৰ মাজেৰে কৰা হৈছে। কোনো আইনী কাৰণ নোহোৱাকৈ বা নিয়ম নামানিকৈ কাৰো নাম তালিকাৰ পৰা কটা হোৱা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। যোৱা ৬ জানুৱাৰীত প্ৰকাশ পোৱা খচৰা তালিকাত ১৮ ৰ পৰা ১৯ বছৰীয়া ভোটাৰৰ সংখ্যা আছিল প্ৰায় ৩ লাখ ৩৩ হাজাৰ, যিটো ১০ এপ্ৰিলৰ চূড়ান্ত তালিকাত বাঢ়ি প্ৰায় ১৭ লাখ ৬৩ হাজাৰ হৈছেগৈ। চূড়ান্ত তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা প্ৰায় ৭ কোটি ৩০ লাখ আৰু মহিলা ভোটাৰৰ সংখ্যা প্ৰায় ৬ কোটি ৯ লাখ। লগতে তৃতীয় লিংগৰ ৪২০৬ জন ভোটাৰো ইয়াত অন্তৰ্ভুক্ত হৈছে।

প্ৰথম অৱস্থাত খচৰা তালিকাৰ পৰা যেতিয়া প্ৰায় ২ কোটি ৮৯ লাখ ভোটাৰৰ নাম বাদ পৰিছিল, তেতিয়া মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ চিন্তা প্ৰকাশ কৰিছিল। তেওঁ মুকলিকৈ কৈছিল যে বাদ পৰা নামবোৰৰ বেছিভাগেই আচলতে বিজেপিৰ ভোটাৰ। ইয়াৰ পিছতে তেওঁ দলৰ সাংসদ আৰু নেতাসকলক যুদ্ধকালীন অৱস্থাত কাম কৰি কমেও ডেৰ কোটি ভোটাৰৰ নাম পুনৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। বিজেপিৰ নেতাসকলে বহু কষ্ট কৰি প্ৰায় ৮৪ লাখ ভোটাৰৰ নাম পুনৰ যোগ কৰাত সফল হয় যদিও মুখ্যমন্ত্ৰীয়ে বান্ধি দিয়া লক্ষ্যত তেওঁলোকে উপনীত হব নোৱাৰিলে। নিৰ্বাচনৰ আগত ইমান সংখ্যক ভোটাৰৰ নাম বাদ পৰাটোৱে এতিয়া বিজেপি দলৰ বাবে এক চিন্তা আৰু প্ৰত্যাহ্বানৰ কাৰণ হৈ পৰিছে।