NORTHEAST NOW (Assamese)
Popular Stories

বিয়া ভাঙি যোৱাৰ ক্ষোভত প্ৰেমিকে দিলে এইচআইভি পজিটিভ তেজৰ বেজী, ভয় আৰু লজ্জাত চৰম পন্থা বাচি ল’লে যুৱতীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2026 2:37 pm

হায়দৰাবাদত এক অতি ভয়ংকৰ আৰু দুখজনক ঘটনা সংঘটিত হৈছে। বিয়া ভাঙি যোৱাৰ খঙত এজন যুৱকে নিজৰ প্ৰেমিকাক জোৰকৈ এইচ আই ভি পজিটিভ তেজৰ বেজী দিয়ে। এই ঘটনাৰ প্ৰায় এমাহৰ পিছত ২১ বছৰীয়া যুৱতীগৰাকীয়ে মানসিক চাপ সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয়। সমগ্ৰ দেশজুৰি এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু তেওঁলোকৰ বিয়াও প্ৰায় ঠিক হৈছিল। কিন্তু যুৱকজনৰ পিতৃ-মাতৃ এইচ আই ভি পজিটিভ হোৱাৰ কথা জানিব পাৰি যুৱতীগৰাকীৰ দেউতাকে যুৱকজনকো স্বাস্থ্য পৰীক্ষা কৰোৱাৰ সিদ্ধান্ত লয়। যোৱা ছেপ্টেম্বৰ মাহত কৰা পৰীক্ষাত ধৰা পৰে যে যুৱকজনো এইচ আই ভি পজিটিভ। ইয়াৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে লগে লগে বিয়াখন বাতিল কৰে। বিয়া ভাঙি যোৱাৰ পিছত যুৱকজন মানসিকভাৱে অস্থিৰ আৰু খঙাল হৈ পৰে। মনোহৰ নামৰ এই যুৱকজনে যোৱা ১১ মাৰ্চ তাৰিখে খঙৰ ভমকত যুৱতীগৰাকীৰ ঘৰত জোৰকৈ সোমাই নিজৰ গাৰ পৰা ছিৰিঞ্জৰে তেজ উলিয়াই যুৱতীগৰাকীৰ শৰীৰত সুমুৱাই দিয়ে।

হায়দৰাবাদ আৰক্ষীয়ে জনোৱা অনুসৰি, যোৱা শুকুৰবাৰে যুৱতীগৰাকীয়ে নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে। পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। আৰক্ষীৰ মতে, শৰীৰত এইচ আই ভি পজিটিভ তেজ সোমোৱাৰ পিছৰে পৰা যুৱতীগৰাকীয়ে সমাজৰ ভয় আৰু কলংকৰ চিন্তাত তীব্ৰ মানসিক হতাশাত ভুগি আছিল। অপৰিসীম মানসিক হেঁচাৰ বাবেই তেওঁ এই চৰম সিদ্ধান্ত লয়। আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, মনোহৰ নামৰ এই অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে আগতেও হত্যাৰ চেষ্টা কৰা এক গোচৰ ৰুজু হৈ আছিল।