NORTHEAST NOW (Assamese)
Popular Stories

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ত্ৰিভাষিক সূত্ৰ ৰূপায়ণক লৈ এন চি ই আৰ টিৰ প্ৰাক্তন সঞ্চালকৰ উদ্বেগ প্ৰকাশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 18, 2026 7:55 am

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অন্তৰ্গত ‘ত্ৰিভাষিক সূত্ৰ’ক লৈ দেশজুৰি অব্যাহত থকা বিতৰ্কৰ মাজতে এই নীতিৰ বাস্তৱ ৰূপায়ণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (NCERT) প্ৰাক্তন সঞ্চালক জে এছ ৰাজপুতে। শেহতীয়াকৈ নতুন দিল্লীত এক সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত জ্যেষ্ঠ শিক্ষাবিদগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে নীতিটোৰ মূল উদ্দেশ্য ভাষিক বৈচিত্ৰ্যৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতি স্থাপন কৰা আছিল যদিও ৰাজ্যসমূহৰ অৱহেলা আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বিতৰ্কৰ বাবে ইয়াৰ প্ৰকৃত লক্ষ্য ব্যাহত হৈছে।

শিক্ষানীতিখনৰ অধীনত শিক্ষাৰ্থীসকলক মাতৃভাষাৰ লগতে আন দুটা ভাষা শিকাৰ প্ৰস্তাৱ দিয়া হৈছে যদিও কোনো নিৰ্দিষ্ট ভাষা, বিশেষকৈ হিন্দী জাপি দিয়াৰ কোনো বাধ্যবাধকতা নাই বুলি প্ৰাক্তন সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। দক্ষিণৰ ৰাজ্যসমূহত হিন্দী জাপি দিয়া বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে শিক্ষাৰ্থীসকলে কি ভাষা শিকিব সেয়া ৰাজ্য চৰকাৰ, অঞ্চল আৰু অভিভাৱকৰ ওপৰত এৰি দিয়া হৈছে। ইয়াৰ পৰিৱৰ্তে, নীতিখনৰ মূল আধাৰৰ পৰা আঁতৰি কেৱল ৰাজনৈতিক মুনাফা লাভৰ বাবেহে একাংশই এই বিতৰ্কৰ সূত্ৰপাত ঘটোৱা বুলি তেওঁ ক্ষোভ উজাৰে।

ত্ৰিভাষিক সূত্ৰৰ প্ৰকৃত ভাৱনা ব্যাহত হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ উদাহৰণ দাঙি ধৰে। তেওঁৰ মতে, উত্তৰ ভাৰতৰ শিক্ষাৰ্থীসকলে তামিল, মালয়ালম বা কানাড়াৰ দৰে আন প্ৰান্তৰ ভাষা শিকাৰ পৰিৱৰ্তে হিন্দী আৰু ইংৰাজীৰ লগতে কেৱল আনুষ্ঠানিকতা ৰক্ষাৰ বাবে সংস্কৃত ভাষা অধ্যয়ন কৰে, যিটো এই নীতিৰ প্ৰকৃত উদ্দেশ্য নাছিল। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ ভূমিকাক সমালোচনা কৰি তেওঁ কয় যে বিদ্যালয় শিক্ষাত নীতি ৰূপায়ণৰ ৯৫ শতাংশ দায়িত্ব ৰাজ্যসমূহৰ হাতত থাকে, কিন্তু তেওঁলোকে এই বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাই।

ইয়াৰ উপৰিও, বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ আৰু নিযুক্তি প্ৰক্ৰিয়াত থকা আসোঁৱাহক লৈয়ো তেওঁ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে। জে এছ ৰাজপুতে আঙুলিয়াই দিয়ে যে যি সময়ত বিদ্যালয়সমূহত দুটা ভাষা শিকাবলৈয়ে পৰ্যাপ্ত শিক্ষকৰ অভাৱ, তেনে অৱস্থাত তৃতীয় এটা ভাষাৰ পাঠদান এক প্ৰত্যাহ্বান হৈ পৰিছে। লগতে, শিক্ষকসকলক সঘনাই নিৰ্বাচনৰ দৰে অশৈক্ষিক কামত নিয়োজিত কৰা কাৰ্যয়ো শ্ৰেণীকোঠাৰ পাঠদানত বিৰূপ প্ৰভাৱ পেলোৱা বুলি তেওঁ মত প্ৰকাশ কৰে।

বৰ্তমান সময়তো এই শিক্ষানীতিৰ সফল ৰূপায়ণৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু শিক্ষকৰ নিযুক্তিৰ দিশত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে যৌথভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু এই বিতৰ্কৰ অৱসান ঘটি প্ৰকৃত শৈক্ষিক পৰিৱেশ ঘূৰি অহালৈ সকলোৱে বাট চাইছে।