NORTHEAST NOW (Assamese)
অসম

এডৱাৰ্ড লিষ্টছ প্ৰতিযোগিতাত চেম্পিয়ন ‘ধিং এক্সপ্ৰেছ’ হিমা দাস

Posted by: এন ই নাও নিউজ June 22, 2018 9:15 am
Hima Das

এথলেটিকছ জগতত নতুনকৈ সংযোজন হৈছে এক চাঞ্চল্যকৰ নাম হিমা দাস। হয় এই হিমা দাসে সদ্য সমাপ্ত কমনৱেলথ গেইমছত দূৰন্ত গতিৰ পৰিচয় দাঙি ধৰি সমগ্ৰ বিশ্ববাসীকে স্তম্ভিত কৰি তুলিছিল। ঠিক সেইদৰে পুনৰ এবাৰ নিজৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰি শ্ৰেষ্ঠত্ব আজুৰিলে বিদেশী ৰাষ্ট্ৰ পোলেণ্ডত।

অসমৰ উদীয়মান স্প্ৰিণ্টাৰ তথা এথলেটিকছ জগতত ইতিমধ্যে ‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচয় লাভ কৰা হিমা দাসে পোলেণ্ডৰ ৰক্‌ল’ত অনুষ্ঠিত এডৱাৰ্ড লিষ্টছ সোঁৱৰণী এথলেটিকছৰ ২০০ মিটাৰ শাখাত বিজয়ীৰ সন্মান অৰ্জন কৰিছে। হিমাই ২০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লয় মাত্ৰ ২৩.৩৪ ছেকেণ্ড।

উল্লেখ্য যে আগন্তুক বিশ্ব জুনিয়ৰ আৰু এছিয়ান গেমছৰ প্ৰস্তুতিৰ অংশ হিচাপে পোলেণ্ডত প্ৰায় এমাহৰ এক প্ৰশিক্ষণ গ্ৰহণ কৰা হিমাই অহা ২৩ জুনত স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰিব।

অসমলৈ উভতি অহাৰ পিছত হিমা দাসে ২৬ জুনৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাজ্যিক এথলেটিক প্ৰতিযোগিতাত ভাগ ল’ব বুলি প্ৰশিক্ষক নিপন দাসে জনাইছে।

আনহাতে আন্তঃৰাজ্যিক এথলেটিকছত ভাগ লোৱাৰ পাছতেই বিশ্ব জুনিয়ৰ এথলেটিকছত অংশ ল’বলৈ ফিনলেণ্ডলৈ ৰাওনা হ’ব হিমা দাস।