NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওপৰত আক্ৰমণৰ চেষ্টা, কঠোৰ গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

April 26, 2026 11:16 am

ৱাশ্বিংটন ডি চিৰ এখন হোটেলত আয়োজিত হোৱাইট হাউছৰ এক বিশেষ নৈশ আহাৰ গ্ৰহণ অনুষ্ঠানৰ মাজতে সৃষ্টি হয় এক উদ্বেগজনক পৰিস্থিতিৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক লক্ষ্য কৰি এজন বন্দুকধাৰীয়ে গুলীচালনা কৰাৰ ফলত সমগ্ৰ স্থানত আতংক বিয়পি পৰে। অৱশ্যে এই আক্ৰমণত ৰাষ্ট্ৰপতি ট্ৰাম্প সুৰক্ষিত হৈ আছে আৰু তেওঁক ততাতৈয়াকৈ নিৰাপদ স্থানলৈ লৈ যোৱা হয়। অনুষ্ঠানটোত ৰাষ্ট্ৰপতিৰ সৈতে প্ৰথম মহিলা মেলানিয়া ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সো উপস্থিত আছিল। প্ৰায় ২৬০০ গৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানটোত ৰাষ্ট্ৰপতিয়ে ভাষণ দিয়াৰ কথা আছিল যদিও তাৰ পূৰ্বেই এনে এক অনাকাংক্ষিত ঘটনাই সকলোকে স্তম্ভিত কৰি তোলে।

এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই। ছচিয়েল মিডিয়াত এক বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্প, তেওঁৰ পৰিয়াল আৰু উপ-ৰাষ্ট্ৰপতি নিৰাপদে থকাটো জানি সকাহ পোৱা বুলি প্ৰকাশ কৰে। তেওঁ লগতে এই হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে কঠোৰ নিন্দা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত থকা সুসম্পৰ্কৰ বাবে এই আক্ৰমণৰ পিছতে মোদীৰ দ্ৰুত প্ৰতিক্ৰিয়াক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।

আনহাতে, এই আক্ৰমণৰ পিছত বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। ৰাষ্ট্ৰপতিৰ নিৰাপত্তা বেষ্টনী ভাঙি এজন ব্যক্তি কেনেকৈ আগ্নেয়াস্ত্ৰ লৈ অনুষ্ঠানৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এই ঘটনাক লৈ বিভিন্ন মহলত তীব্ৰ চৰ্চা চলিছে যদিও ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে এই ঘটনাৰ সৈতে কোনো বৈদেশিক শক্তি বা ইৰাণৰ সম্পৰ্ক নাই। তেওঁৰ মতে, ই এজন অকলশৰীয়া আক্ৰমণকাৰীৰ কাম। বৰ্তমান এই ঘটনা সন্দৰ্ভত আমেৰিকাৰ নিৰাপত্তা সংস্থাসমূহে তদন্ত অব্যাহত ৰাখিছে।