NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী মুখ্যমন্ত্ৰী! কিন্তু কিয় থমকি ৰৈছে কেন্দ্ৰীয় নেতৃত্ব?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2021 10:35 am
ChiefMinister-750x375-1

খৱৰটো ইতিমধ্যে বিয়পি পৰিছে। নে কোনোবাই বিয়পাই দিছে? কথাটো এতিয়াও ধৰিবলৈ কঠিন হৈয়েই ৰৈছে।

শনিবাৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ পাছৰে পৰাই বিভিন্ন ধৰণৰ খৱৰে ছচিয়েল মিডিয়া ভৰি পৰিছে।

ৰাজ্যৰ এখন বাতৰি কাকতৰ মুখ্য সম্পাদক তথা এটা ব্যক্তিগত  চেনেলৰ মুখ্য সম্পাদকৰ ফেচবুক প’ষ্টৰ পাছতে তুংগত উঠিছে এই চৰ্চা।

ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি কেন্দ্ৰীয় নেতৃত্বই মোহৰ মাৰক বা নামাৰক অসমত একাংশই মোহৰ মাৰিছেই।

তেওঁলোকে তথ্য লাভ কৰা সূত্ৰৰ উৎস কি সেয়া অৱশ্যেই জানিব পৰা হোৱা নাই যদিও সংশ্লিষ্ট মুখ্যমন্ত্ৰী প্ৰত্যাশীৰ ঘনিষ্ঠৰ পৰাই যে এনে বাতৰি ওলাইছে তাক নুই কৰিব নোৱাৰি।

ইপিনে, আজি দিনৰ ১১বজাত অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকতে বিষয়টো চূড়ান্ত হ’ব বুলি কৈ থকা হৈছে। অথচ একাংশই ছীল-মোহৰ মাৰি বিষয়টোৰ ইতিমধ্যে মোখনি মাৰিছে।

আন এক সূত্ৰই জানিবলৈ দিয়া মতে এই প্ৰচাৰৰ বিপৰীতে কিন্তু প্ৰকৃততে কথাটো ইমান সহজ হৈ থকা নাই।

সৰ্বানন্দ সোণোৱালৰ পক্ষতো ইতিমধ্য যথেষ্ট শক্তিশালী স্থিতি গ্ৰহণ কৰা হৈছে আৰু বিধায়িনী দলৰ বৈঠকত আন কোনো দৃশ্যৰ অৱতৰণ হোৱাৰো অৱকাশ আছে।

কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত দৰাচলতে এক নিষ্পত্তি হ’ব বুলি ভাৱি থকা হৈছে যদিও ভিতৰি দুয়ো পক্ষৰ মাজতে ভীষণ উত্তেজনাই বিৰাজ কৰিছে।

বিধায়িনী দলৰ বৈঠকৰ পাছত কি ঘোষণা হয় আৰু সেয়া কোন পক্ষলৈ যায় সেইটো এতিয়া লক্ষ্যণীয় হৈ পৰিছে।

অসমৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাত কিয় ইমান থমকি ৰ’ব লগা হৈছে কেন্দ্ৰীয় নেতৃত্ব তাৰো সঠিক উত্তৰ আজি অৱশ্যেই পোৱা যাব।