NORTHEAST NOW (Assamese)
অসম

মাত্ৰ ২৭ছেকেণ্ডতে সন্তান জন্ম দি চৰ্চাত এগৰাকী তৰুণী মাতৃ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2021 11:20 am
Mother gave birth baby in 27 second

আটাইতকৈ কম সময়ত সন্তান জন্ম দিয়াৰ ৰেকৰ্ড গঢ়িছে ব্ৰিটেইনৰ হেম্পশ্বেয়াৰৰ এগৰাকী তৰুণীয়ে।

বাতৰি অনুসৰি, প্ৰসৱ যন্ত্ৰণা আৰম্ভ হোৱাৰ পৰা সন্তানৰ জন্ম দিয়ালৈকে তেওঁ সময় লৈছিল মাত্ৰ ২৭ ছেকেণ্ড।

হেম্পশ্বেয়াৰৰ বাসিন্দা এই তৰুণীগৰাকীৰ নাম হৈছে ছফি বাগ। ৩৮ সপ্তাহৰ অন্ত:সত্ত্বা ছফিৰ মাজনিশা টোপনি ভাঙি গৈছিল।

তেওঁৰ তীব্ৰ প্ৰসৱ বেদনা অহা নাছিল। মাথোঁ সামান্য অস্বস্তিবোধ কৰিছিল। তলপেটত সাধাৰণ বেদনা অনুভৱ কৰিছিল।

ছফিৰ টয়লেটলৈ যোৱাৰ ইচ্ছা হৈছিল। ক’মোডত বহাৰ পাছতে তেওঁ বুজিব পাৰে যে সন্তান বাহিৰলৈ ওলাই আহিছে।

তেনে অৱস্থাৰেই ছফি টয়লেটৰ পৰা বাহিৰলৈ ওলাই আহে। তেতিয়ালৈ সন্তানৰ মূৰটো ওলাই আহিছিল।

ছফিক এনে অৱস্থাত দেখি অবাক হৈ পৰে তেওঁৰ স্বামী। মুহূৰ্তৰ ভিতৰতে ছফিয়ে সন্তানৰ জন্ম দিয়ে।

টয়লেটত প্ৰৱেশ কৰাৰ পৰা সন্তান জন্ম দিয়ালৈকে ছফিয়ে মুঠ ২৭ছেকেণ্ড সময় লয়।